প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত ১১ বছৰত দেশৰ স্বাস্থ্য খণ্ডত উল্লেখযোগ্য ৰূপান্তৰ হৈছেঃ কেন্দ্ৰীয় মন্ত্ৰী অনুপ্রিয়া পেটেল

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ ৰাজ্যমন্ত্ৰী অনুপ্রিয়া পেটেলে কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত ১১ বছৰত দেশৰ স্বাস্থ্য খণ্ডত উল্লেখযোগ্য ৰূপান্তৰ হৈছে। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে সমগ্র দেশতে প্রাথমিক স্বাস্থ্য যতন ব্যৱস্থা শক্তিশালী কৰিবলৈ সকলো ধৰণৰ প্ৰচেষ্টা কৰিছে। শ্ৰীমতী পেটেলে কালি নতুন দিল্লীৰ বৰ্ধমান মহাবীৰ চিকিৎসা মহাবিদ্যালয় আৰু চফদৰ্ডং চিকিৎ‍সালয়ৰ সপ্তম সমাৱৰ্তনত সম্বোধন কৰি কয়, যে কেন্দ্ৰীয় চৰকাৰে সকলোৰে বাবে স্বাস্থ্য সেৱা ব্যয় সাধ্য কৰি তুলিছে। তেওঁ কয় যে চৰকাৰে দৰিদ্ৰ আৰু আতৰ্জনক বিভিন্ন আঁচনিৰ জৰিয়তে বিত্তীয় সুৰক্ষা প্ৰদান কৰিছে। শ্রীমতী পেটেলে লগতে কয় যে প্রাথমিক স্বাস্থ্য যতন সুবিধা প্ৰদানৰ বাবে সমগ্র দেশতে এক লাখ ৭৮ হাজাৰ আয়ুষ্মান আৰোগ্য মন্দিৰ কাৰ্যক্ষম হৈ আছে। তেওঁ লগতে কয়, যে আয়ুষ্মান ভাৰত – প্রধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত ৬২ কোটি লোকক ৫ লাখ টকালৈকে বিনামূলীয়া স্বাস্থ্য সেৱা প্ৰদান কৰি থকা হৈছে। এয়া হৈছে বিশ্বৰ বৃহৎ স্বাস্থ্য বীমা যোজনা। প্রধানমন্ত্রী জন ঔষধী যোজনা আৰু অমৃত ফাৰ্মাচীৰ দৰে আঁচনিয়েও সুলভ হাৰত চিকিৎসা উপকৰণ উপলভ্য কৰাই আছে।