ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

অসম গৃহ আৰু অন্যান্য নিৰ্মাণ শ্রমিক কল্যাণ পৰিষদৰ দুৰ্নীতিৰ গোচৰত ঠিকাদাৰ প্ৰিয়াংশু বৈৰাগীৰ ধন আৰু ফিক্সড ডিপ’জিট জব্দ

বিধি বলৱৎকাৰী সঞ্চালকালয়ৰ গুৱাহাটী মাণ্ডলিক কাৰ্যালয়ে অসম গৃহ আৰু অন্যান্য নিৰ্মাণ শ্রমিক কল্যাণ পৰিষদত সংঘটিত দুৰ্নীতিৰ গোচৰত ঠিকাদাৰ প্ৰিয়াংশু বৈৰাগীৰ বেংক একাউণ্টৰ ধন আৰু ফিক্সড ডিপ’জিট জব্দ কৰিছে। পূৰ্বশ্ৰী প্ৰিণ্টিং হাউছ নামৰ প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী প্ৰিয়াংশু বৈৰাগীৰ ৩৪ কোটি ৩ লাখ টকা ধন আৰু ফিক্সড ডিপ’জিট জব্দ কৰা হয়। অবৈধ ধনৰ লেনদেন প্ৰতিৰোধ আইনৰ অধীনত এই ধন জব্দ কৰাৰ লগতে সঞ্চাকালয়ে বিভিন্ন আপত্তিজনক সামগ্ৰী আৰু নথি-পত্রও জব্দ কৰে। উল্লেখযোগ্য যে অসম গৃহ আৰু অন্যান্য নির্মাণ শ্রমিক কল্যাণ পৰিষদে ২০১৩ চনৰ পৰা ২০১৬ চনলৈ পূৰ্বশ্ৰী প্ৰিণ্টিং হাউছ নামৰ প্ৰতিষ্ঠানটোক অনিয়মেৰে কেইবাটাও কোটি টকাৰ ঠিকা মোকলাই দিছিল। মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে এই সন্দৰ্ভত পূর্বে সমগ্র ঘটনাৰ তদন্ত কৰি তদানীন্তন শ্ৰম আয়ুক্ত চৌহান দলে, পৰিষদৰ অধ্যক্ষ গৌতম বৰুৱা, প্ৰশাসনিক সহায়ক নগেন্দ্ৰ নাথ চৌধুৰী আৰু ঠিকাদাৰ প্রিয়াংশু বৈৰাগীৰ বিৰুদ্ধে আদালতত অভিযোগনামা দাখিল কৰে। এই গোচৰক আধাৰ হিচাপে লৈ বিধি বলৱৎকাৰী সঞ্চালকালয় তদন্ত আগবঢ়াই নিয়ে। সঞ্চালকালয়ে তদন্তত বৈৰাগীয়ে জালিয়াতিৰে চৰকাৰী ধন সৰকাই নিয়াৰ সবিশেষ তথ্য লাভ কৰে।