ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ পৰ্যটন বিভাগৰ বিষয়াসকলৰ সৈতে পর্যালোচনামূলক বৈঠক

দক্ষতা, নিয়োগ আৰু উদ্যমিতা তথা পৰ্যটন মন্ত্রী জয়ন্ত মল্লই আজি পৰ্যটন বিভাগৰ বিষয়াসকলৰ সৈতে এখন পর্যালোচনামূলক বৈঠকত মিলিত হয়। বৈঠকত বিভাগটোৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা কৰা হোৱাৰ লগতে চলিত বিত্তীয় বৰ্ষৰ বাবে ল’বলগীয়া পদক্ষেপসূহৰ পৰ্যালোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ বিষয়াসকলৰ সৈতেও বৈঠকত মিলিত হয়। বৈঠকত ৰাজ্যজুৰি দক্ষ লোকসকলক বিচাৰি উলিওৱা সন্দৰ্ভত ল’বলগীয়া পদক্ষেপ সম্পৰ্কে আলোচনা কৰা হয়। চলিত বিত্তীয় বৰ্ষৰ বাবে পৰিকল্পনা, ধবজাবাহী কাৰ্যসূচী, অসম দক্ষতা বিকাশ অভিযানৰ প্ৰশিক্ষণমূলক পাঠ্যক্রম, নিয়োগ বিনিময় কেন্দ্ৰসমূহত নাম পঞ্জীয়নৰ সবিশেষ, আই টি আইসমূহৰ কাম-কাজকে ধৰি বৈঠকত বিভিন্ন বিষয় আলোচনা কৰা হয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।