ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

কম্বোডিয়াত আবদ্ধ হৈ থকা ৬৭জন ভাৰতীয় নাগৰিকক উদ্ধাৰ

কম্বোডিয়াত ভুৱা এজেণ্টৰ জৰিয়তে লাভ কৰা প্ৰৱঞ্চনামূলক চাইবাৰ অপৰাধৰ দ্বাৰা চাকৰিৰ প্ৰস্তাৱত আবদ্ধ হৈ থকা ৬৭ জন ভাৰতীয় নাগৰিকক উদ্ধাৰ কৰা হৈছে। ন’ম প্নেহত থকা ভাৰতীয় দূতাৱাসে কম্বোডিয়াৰ আৰক্ষীৰ সহযোগত তেওঁলোকক ঘূৰাই পঠিওৱাৰ ব্যৱস্থা কৰে। ২৮ গৰাকী লোকক দুই-এদিনৰ ভিতৰতে দেশলৈ ঘূৰাই অনা হ’ব। দূতাবাসে জনাইছে যে, তেওঁলোক চাইবাৰ অপৰাধত আবদ্ধ ভাৰতীয় নাগৰিকসকলক সহায় কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ আৰু অহৰহ ইয়াৰ ওপৰত নিৰীক্ষণ কৰি আছে। দূতাবাসে লগতে ভাৰতীয় নাগৰিকসকলক সন্দেহজনক এজেণ্ট আৰু সামাজিক মাধ্যমৰ বিজ্ঞাপনৰ জৰিয়তে কম্বোডিয়া আৰু দক্ষিণ পূব এছিয়াৰ দেশসমূহত চাকৰিৰ সুযোগ গ্ৰহণ কৰাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিবলৈও পৰামর্শ দিয়ে। উল্লেখযোগ্য যে, ২০২৪ চনৰ প্ৰথম ৯ মাহতে প্ৰায় ৭৭০ জনৰ সৈতে ২০২২ চনৰ পৰা এহেজাৰৰো অধিক ভাৰতীয়ক দেশলৈ ঘূৰাই পঠিয়াইছে।