মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি দৰং জিলাৰ পুনিয়াত প্ৰস্তাৱিত চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ প্ৰকল্পৰ স্থান পৰিদৰ্শন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৮ ছেপ্তেম্বৰৰ অসম ভ্ৰমণৰ সময়ত এই প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰি তেওঁ কয়, যে প্রধানমন্ত্রীয়ে সেই দিনটোত দৰঙৰ পুনিয়াৰ পৰাই প্ৰায় ৮ হাজাৰ কোটি টকাৰ প্ৰকল্প নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰিব। একেটা অনুষ্ঠানতেই নাৰেঙ্গী-কুৰুৱা সংযোগী দলং আৰু গুৱাহাটী ৰিং ৰোড প্রকল্পৰো আধাৰশিলা স্থাপন কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। ওদালগুৰি জিলাতো এখন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ বিষয়ে চিন্তা-চৰ্চা কৰি থকা হৈছে বুলি উল্লেখ কৰি ড০ শৰ্মাই লগতে কয়, যে চিকিৎসা মহাবিদ্যালয় স্থাপনৰ বাবে বাছনি কৰা স্থানত থকা বৃহৎ গছসমূহ প্রয়োজন নহ’লে নাকাটিবলৈ সংশ্লিষ্ট বিভাগক নির্দেশ দিয়া হৈছে। প্রকল্পস্থলীত থকা চোম গছসমূহ স্থানান্তৰ কৰি আন স্থানত ৰোপণ কৰা হ’ব বুলিও তেওঁ লগতে জানিবলৈ দিয়ে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে সোণাপুৰৰ বগীবাৰীত আগশাৰীৰ স্বেচ্ছাসেৱী সংস্থা কলং-কপিলীৰ সহযোগত দেশৰ প্ৰথমখন জল প্রযুক্তি উদ্যান বা একুৱাটেক পার্ক মুকলি কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি তেওঁ কয়, যে ৰাজ্যত ২০১৯ চনৰ পৰা ২০২৪ চনৰ ভিতৰত মাছৰ উৎপাদন দুগুণলৈ বৃদ্ধি পাই ৪ লাখ ৯৯ হাজাৰ মেট্রিক টন হৈছে আৰু ৰাজ্যখনৰ সম্প্ৰতি দেশৰ চতুৰ্থ সৰ্ববৃহৎ মৎস্য উৎপাদকাৰী হিচাপে পৰিগণিত হৈছে। কালি মুকলি কৰা উদ্যানখনৰ জৰিয়তে একুৱাপনিক্স, বায়’ফ্লক, মাছৰ আধুনিক খাদ্য উৎপাদন, আলংকাৰিক মাছৰ প্ৰজনন আদিৰ দৰে প্ৰযুক্তিসমূহৰ ব্যৱহাৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হ’ব।
Site Admin | July 13, 2025 12:39 PM | cm visited the proposed site for the upcoming medical college in Punia | Darrang
দৰং জিলাৰ পুনিয়াত প্ৰস্তাৱিত চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ প্ৰকল্পৰ স্থান পৰিদৰ্শন মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ
