উৰিয়ামঘাটৰ উচ্ছেদিত ১২ হাজাৰ বিঘা ভূমিত গছপুলি ৰোপণ কৰাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্রহণ কৰিছে। ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি সংবাদমেল যোগে এই কথা প্রকাশ কৰে। মন্ত্রীসভাই উৰিয়ামঘাটৰ শেহতীয়া উচ্ছেদ অভিযানৰ সময়ত বন বিভাগ আৰু গোলাঘাট জিলা প্ৰশাসনৰ ভূমিকাৰ শলাগ লয়। মন্ত্রীসভাই লগতে এই উচ্ছেদ অভিযানত নাগালেণ্ড চৰকাৰৰ সমৰ্থনৰ বাবে কৃতজ্ঞতা প্রকাশ কৰে।
ৰাজ্যৰ ১৮ বছৰ ঊৰ্ধৰ লোকসকলক আধাৰকাৰ্ড প্রদান সন্দৰ্ভতো ৰাজ্যিক মন্ত্রীসভাই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। এই অনুসৰি ১৮ বছৰ ঊৰ্ধৰ লোকসকলক অক্টোবৰৰ পৰা নতুনকৈ আধাৰকাৰ্ড প্ৰদান কৰা নহ’ব। মুখ্যমন্ত্রী শর্মাই কয়, যে অনুসূচিত জাতি-জনজাতি আৰু চাহ জনগোষ্ঠীৰ লোকসকলক এই ক্ষেত্ৰত এবছৰৰ বাবে শিথিলতা প্ৰদান কৰা হ’ব। তেওঁ আধাৰকাৰ্ড নথকা লোকসকলক ছেপ্তেম্বৰৰ ভিতৰত আবেদন কৰিবলৈ সংবাদমেলত আহ্বান জনায়। অত্যন্ত জৰুৰী হ’লে সাধাৰণ লোকে জিলা আয়ুক্তৰ অনুমতি সাপেক্ষেহে আধাৰকাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, যে ৰাজ্যত বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ প্ৰৱেশ ৰোধ কৰাৰ লক্ষ্যৰে এই পদক্ষেপ লোৱা হৈছে। কোনো অনুপ্ৰৱেশকাৰীয়ে অসমত আধাৰকাৰ্ডৰ সুবিধা লৈ ভাৰতীয় নাগৰিক হ’ব নোৱাৰে তাৰ বাবে অসম মন্ত্রীসভাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
মন্ত্ৰীসভাৰ বৈঠকত ৰাজ্যৰ প্ৰায় ৩ লাখ ১৫ হাজাৰ হিতাধিকাৰীক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাসগৃহ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ভৱিষ্যতৰ ১০টা গুৰুত্বপূৰ্ণ খণ্ডত শিক্ষাৰ্থীসকলৰ দক্ষতা বিকাশৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে টাটা নেলকো আৰু সমগ্ৰ শিক্ষা অভিযানৰ সৈতে বুজাবুজিৰ চুক্তিত অনুমোদন জনাইছে। দীঘলীপুখুৰী-নুনমাটি উৰণ সেতুৰ নাম মহাৰাজা পৃথু উৰ্ণ সেতু হিচাপে নামকৰণ কৰা হ’ব বুলি বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়।
ইপিনে, সংকটৰ সময়ত ভূ-ৰাজনৈতিক পৰিস্থিতিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে চিকেন নেক অর্থাৎ উত্তৰ-পূবক দেশৰ মূল ভূ-খণ্ডৰ সৈতে সংযোগ কৰা উত্তৰ বংগৰ ঠেক অংশৰ আশে-পাশে থকা লোকসকলৰ ভাৱধাৰা সলনি কৰাৰ বাবে বাংলাদেশৰ পৰা ষড়যন্ত্ৰ চলি আছে। অনাগত ২০ বছৰ অসমৰ বাবে জটিল সময় বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।