August 22, 2025 12:05 PM
16
উৰিয়ামঘাটৰ উচ্ছেদিত ১২ হাজাৰ বিঘা ভূমিত গছপুলি ৰোপণৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ
উৰিয়ামঘাটৰ উচ্ছেদিত ১২ হাজাৰ বিঘা ভূমিত গছপুলি ৰোপণ কৰাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্রহণ কৰিছে। ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি সংবাদমেল যোগে এই কথা প্রকাশ কৰে। মন্ত্রীসভাই উৰিয়ামঘাটৰ শেহতীয়া উচ্ছেদ অভিযানৰ সময়ত বন বিভাগ আৰু গোলাঘাট জিলা প্ৰশাসনৰ ভূমিকাৰ শলাগ লয়। মন্ত্রীসভাই লগতে এই উচ্ছেদ অভিযানত নাগালেণ্ড চৰকাৰৰ সমৰ্থনৰ বাবে কৃতজ্ঞতা প্রকাশ কৰে। ৰাজ্যৰ ১৮ বছৰ ঊৰ্ধৰ লোকসকলক আধাৰকাৰ্ড প্রদান সন্দৰ্ভতো ৰাজ্যিক মন্ত্রীসভাই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহ...