২০৩৫ চনৰ ভিতৰত বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত অসমক এখন আত্মনিৰ্ভৰশীল ৰাজ্য হিচাপে বিকশাই তোলাৰ বাবে ৰাজ্য চৰকাৰে দীৰ্ঘ ম্যাদী প্ৰচেষ্টা আৰম্ভ কৰিছে। অসম বিদ্যুৎ নিয়ামক আয়োগৰ প্ৰতিষ্ঠাৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিদ্যুৎখণ্ডৰ আৰম্ভণি, বিকাশ আৰু ৰূপান্তৰৰ বিভিন্ন তথ্য সম্বলিত থার্ড এম্পিয়াৰ শীৰ্ষক এখন গ্ৰন্থৰ উন্মোচনী অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত কালি আয়োজিত এই অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে অসম বিদ্যুৎ নিয়ামক আয়োগৰ নতুন তথা সংযোধিত বিধি ব্যৱস্থাৰ পাঁচটা খণ্ডৰ এটা সংকলনো মুকলি কৰে৷ অনুষ্ঠানত ভাষণ দি তেওঁ কয়, যে ৰাজ্যত বিদ্যুতৰ সংবহন আৰু বিতৰণত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ এসময়ৰ ২৯-৩০ শতাংশৰ পৰা বৰ্তমান ১৫ দশমিক ৫ শতাংশলৈ হ্ৰাস পাইছে। বিগত ৪ বছৰত ৰাজ্যত বিদ্যুত্ৰ চাহিদা বার্ষিক গড়ে ১১ শতাংশকৈ বৃদ্ধি পাই আহিছে বুলিও তেওঁ জানিবলৈ দিয়ে। তেওঁ কয়, যে চাহিদাৰ এই ধাৰা অব্যাহত থাকিলে ২০৩৫ চনলৈ ৰাজ্যখনত দৈনিক ৫,৫০০ মেগাৱাট বিদ্যুতৰ প্ৰয়োজন হ’ব। ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে নিজাববীয়াকৈ বিদ্যুৎ শক্তি আহৰণৰ দীৰ্ঘম্যাদী পৰিকল্পনা গ্ৰহণ কৰিছে। ইয়াৰ অংশ হিচাপে পাঁচ হাজাৰ মেগাৱাট সৌৰ শক্তি আহৰণৰ বাবে যাৱতীয় প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। কেন্দ্রীয় শক্তি মন্ত্রালয়ে অলপতে ৰাজ্যত তিনি হাজাৰ মেগাৱাটৰ এটা তাপবিদ্যুৎ প্রকল্প স্থাপনৰ বাবে অনুমোদন দিছে বুলিও তেওঁ কয় ।
Site Admin | June 21, 2025 12:24 PM | cm on electricity
২০৩৫ চনৰ ভিতৰত বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত অসমক এখন আত্মনিৰ্ভৰশীল ৰাজ্য হিচাপে বিকশাই তোলাৰ বাবে চৰকাৰৰ দীৰ্ঘম্যাদী প্ৰচেষ্টা আৰম্ভ