June 21, 2025 12:24 PM

views 16

২০৩৫ চনৰ ভিতৰত বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত অসমক এখন আত্মনিৰ্ভৰশীল ৰাজ্য হিচাপে বিকশাই তোলাৰ বাবে চৰকাৰৰ দীৰ্ঘম্যাদী প্ৰচেষ্টা আৰম্ভ

২০৩৫ চনৰ ভিতৰত বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত অসমক এখন আত্মনিৰ্ভৰশীল ৰাজ্য হিচাপে বিকশাই তোলাৰ বাবে ৰাজ্য চৰকাৰে দীৰ্ঘ ম্যাদী প্ৰচেষ্টা আৰম্ভ কৰিছে। অসম বিদ্যুৎ নিয়ামক আয়োগৰ প্ৰতিষ্ঠাৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিদ্যুৎখণ্ডৰ আৰম্ভণি, বিকাশ আৰু ৰূপান্তৰৰ বিভিন্ন তথ্য সম্বলিত থার্ড এম্পিয়াৰ শীৰ্ষক এখন গ্ৰন্থৰ উন্মোচনী অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত কালি আয়োজিত এই অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে অসম ...