ডাউনলোড
মোবাইল এপ

android apple
signal

তৃতীয়-চতুৰ্থ বৰ্গৰ পদৰ বাবে ১৫ ছেপ্টেম্বৰত হ’বলগীয়া নিযুক্তি পৰীক্ষা সন্দৰ্ভত মুখ্যমন্ত্রীৰ বৈঠক

তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে অহা ১৫ ছেপ্টেম্বৰত হ’বলগীয়া অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰা সন্দৰ্ভত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি লোকসেৱা ভৱনত জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে জিলা আয়ুক্তসকলক পৰীক্ষা কেন্দ্ৰসমূহৰ পৰিদৰ্শনকে ধৰি এটা সৰল পৰীক্ষা প্ৰক্ৰিয়াৰ ব্যৱস্থা ৰূপায়ণ কৰাৰ বাবে অত্যাৱশ্যকীয় সুবিধাসমূহ নিশ্চিত কৰিবলৈ নিৰ্দেশনা প্রদান কৰে। তেওঁ লগতে আৰক্ষী অধীক্ষকসকলক প্ৰতিটো কেন্দ্ৰৰ চাৰিওফালে কঠোৰভাৱে আইন শৃংখলা বলৱৎ কৰিবলৈও নির্দেশনা প্রদান কৰে। পৰীক্ষাৰ সময়ত যাতে কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয় তাৰ বাবে আপোচ নকৰিবলৈ আৰু সামাজিক মাধ্যমকো নিৰীক্ষণৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। যুৱ প্ৰজন্মৰ মুখত হাঁহি বিৰিঙাবলৈ ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই স্বচ্ছ নিযুক্তিৰ জৰিয়তে ৰাজ্যক এটা বিশেষ স্থানলৈ লৈ যাব বিচৰা হৈছে বুলি প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক