September 9, 2024 11:28 AM

views 26

তৃতীয়-চতুৰ্থ বৰ্গৰ পদৰ বাবে ১৫ ছেপ্টেম্বৰত হ’বলগীয়া নিযুক্তি পৰীক্ষা সন্দৰ্ভত মুখ্যমন্ত্রীৰ বৈঠক

তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে অহা ১৫ ছেপ্টেম্বৰত হ'বলগীয়া অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰা সন্দৰ্ভত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি লোকসেৱা ভৱনত জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে জিলা আয়ুক্তসকলক পৰীক্ষা কেন্দ্ৰসমূহৰ পৰিদৰ্শনকে ধৰি এটা সৰল পৰীক্ষা প্ৰক্ৰিয়াৰ ব্যৱস্থা ৰূপায়ণ কৰাৰ বাবে অত্যাৱশ্যকীয় সুবিধাসমূহ নিশ্চিত কৰিবলৈ নিৰ্দেশনা প্রদান কৰে। তেওঁ লগতে আৰক্ষী অধীক্ষকসকলক প্ৰতিটো কেন্দ্ৰৰ চাৰিওফালে কঠোৰভাৱে আইন শ...