মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি বঙাইগাঁৱত মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ ২০ হাজাৰ ৩০৮ গৰাকী সদস্যাক ১০ হাজাৰ টকাকৈ চেক বিতৰণ কৰে। এই উপলক্ষে আয়োজিত এখন জনসভাত ভাষণ দি মুখ্যমন্ত্রী শর্মাই কয় যে তৃণমূল স্তৰৰ মহিলা উদ্যোগীসকলৰ সৱলীকৰণ আৰু ৰাজ্যৰ বিকাশত তেওঁলোকৰ ভূমিকা শক্তিশালী কৰাৰ বাবে ৰাজ্য চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। কৃষি, পশুপালন, হস্ততাঁত, হস্তশিল্প আদি বিভিন্ন ক্ষেত্ৰত এই মহিলা উদ্যমীসকলে জীৱিকাৰ পথ প্ৰশস্ত কৰি আগবাঢ়ি গৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। এই অভিযানৰ জৰিয়তে ৰাজ্যৰ ১২৬ টা সমষ্টিৰ প্ৰায় ৪০ লাখ আত্মসহায়ক গোটৰ ৩২ লাখৰো অধিক মহিলাই উদ্যমিতা পুঁজিৰ ধন লাভৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি সুদৃঢ় কৰাত বিশেষ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে ।
Site Admin | October 23, 2025 8:20 PM | cm mmmua
বঙাইগাঁৱত মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত ২০,৩০৮ গৰাকীক ১০ হাজাৰ টকাকৈ চেক বিতৰণ মুখ্যমন্ত্ৰীৰ