December 15, 2025 9:07 PM

views 17

লামডিঙত কাইলৈ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচী

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ লামডিং সমষ্টিৰ ২৫ হাজাৰতকৈও অধিক মহিলা হিতাধিকাৰীক উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰিব। হোজাইৰ শ্ৰীমন্ত শংকৰদেৱ নগৰৰ খেলপথাৰত কাইলৈ হ'বলগীয়া এই কাৰ্যসূচীৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। অনুষ্ঠানত জিলাখনৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্ত উপস্থিত থাকিব।

November 14, 2025 7:54 PM

views 29

ধেমাজিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ নিৰ্বাচিত হিতাধিকাৰীক চেক প্ৰদান মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি ধেমাজি জিলাৰ অকাজানত অনুষ্ঠিত জন সমাবেশত অংশগ্রহণ কৰি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ নিৰ্বাচিত হিতাধিকাৰীক চেক প্ৰদান কৰে। এই আঁচনিৰ অধীনত চিচিবৰগাওঁ বিধানসভা সমষ্টিত ৩ হেজাৰ ৩৭০ টা আত্মসহায়ক গোটৰ ৩৪ হাজাৰ ৪৪৮ গৰাকী মহিলাক ১০ হাজাৰ টকাকৈ চেক বিতৰণ কৰা হয়। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ লক্ষ্য হিচাপে কৃষি, পশুপালন, হস্ততাঁত আৰু হস্তশিল্পকে ধৰি আন বিভিন্ন ক্ষেত্ৰত মহিলা উদ্যোগীৰ বিকাশৰ জৰিয়তে জীৱিকাৰ বিকল্প সম্ভাৱনাৰ প্ৰয়াস কৰা হৈছে। এই অনুষ্ঠানত...

October 23, 2025 8:20 PM

views 45

বঙাইগাঁৱত মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত ২০,৩০৮ গৰাকীক ১০ হাজাৰ টকাকৈ চেক বিতৰণ মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি বঙাইগাঁৱত মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ ২০ হাজাৰ ৩০৮ গৰাকী সদস্যাক ১০ হাজাৰ টকাকৈ চেক বিতৰণ কৰে। এই উপলক্ষে আয়োজিত এখন জনসভাত ভাষণ দি মুখ্যমন্ত্রী শর্মাই কয় যে তৃণমূল স্তৰৰ মহিলা উদ্যোগীসকলৰ সৱলীকৰণ আৰু ৰাজ্যৰ বিকাশত তেওঁলোকৰ ভূমিকা শক্তিশালী কৰাৰ বাবে ৰাজ্য চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। কৃষি, পশুপালন, হস্ততাঁত, হস্তশিল্প আদি বিভিন্ন ক্ষেত্ৰত এই মহিলা উদ্যমীসকলে জীৱিকাৰ পথ প্ৰশস্ত কৰি আগবাঢ়ি গৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ ...