মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰী আৰু বিধায়কসকলৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা তেওঁৰ চাৰি দিনীয়া ডিব্ৰুগড় আৰু তিনিচুকীয়া ভ্ৰমণৰ অন্তিম দিনটোত আজি মন্ত্ৰী আৰু বিধায়কসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। ড০ শর্মাই জিলাসমূহৰ আন্তঃগাঁথনি উন্নয়ন আৰু জনকল্যাণমূলক আঁচনিৰ ফলপ্ৰসূ ৰূপায়ণ নিশ্চিত কৰাৰ বাবে মন্ত্ৰীবিধায়কসকলক জনসাধাৰণৰ সৈতে অধিক সক্রিয়ভাৱে জড়িত হ’বলৈ আহ্বান জনায় ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ পূর্বে ৬৫ কোটি টকা ব্যয় সাপেক্ষে ডিব্ৰুগড়ত মন্ত্ৰীসকলৰ কাৰ্যালয়, মুখ্য সচিব আৰু অতিৰিক্ত মুখ্য সচিবৰ কাৰ্যালয়কে ধৰি সচিবালয় চৌহদ আৰু সন্মিলন কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানত চিকিৎসা শিক্ষা আৰু গৱেষণা আদি বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকন, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰা আৰু পৰিবহণ মন্ত্ৰী যোগেন মহন উপস্থিত থাকে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।