ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 18, 2025 12:51 PM | Kati Bihu

printer

কাতি বিহু উপলক্ষে ৰাজ্যবাসীলৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ শুভেচ্ছা জ্ঞাপন

আজি কাতি বিহু। আহিন আৰু কাতিৰ দোমাহীৰ দিনা কাতি বিহু পালন কৰি কৃষকসকলে শস্য শ্যামলা পথাৰৰ আশাৰে প্ৰাৰ্থনা জনায়। এই কাতি বিহু হৈছে অসমৰ জাতীয় উৎসৱ তিনি বিহুৰ অন্যতম। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কাতি বিহু উপলক্ষে ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বার্তাত মুখ্যমন্ত্ৰীগৰাকীয়ে তুলসী তলৰ বন্তিগছিয়ে সকলোলৈকে সুখ সমৃদ্ধি কঢ়িয়াই অনাৰ লগতে কৃষকৰ আশাৰ ধাননিডৰা সোণগুটিৰে উপচি পৰি ঘৰে ঘৰে লখিমীৰ বসতি হোৱাৰ কামনা কৰে।

মূলতঃ কৃষিজীৱীসকলৰ চেনেহৰ এই বিহুত পথাৰৰ লখিমীক আদৰাৰ পূৰ্বে খেতি পথাৰত চাকি আৰু আকাশবন্তি জ্বলাই সেৱা জনোৱা হয়।ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাতি বিহু পালনৰ প্ৰস্তুতি চলিছে। কাতি বিহু উপলক্ষে গধূলি তুলসীৰ তলত বন্তি জ্বলোৱাৰ লগতে ভঁৰালঘৰ, গোহালি, পদূলি আদিত চাকি বন্তি জ্বলাই কৃষিজীবী ৰাইজে মংগল কামনা কৰিব।

কৃষি বিভাগৰ উদ্যোগত ৰাজ্যৰ প্ৰতিটো কৃষি মহকুমাত কাতি বিহু উপলক্ষে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আজি বিভাগৰ উদ্যোগত প্রগতিশীল কৃষকক সম্বর্ধনা, আকাশবন্তি প্রজ্বলন, সজাগতা সভা তথা বিভাগীয় আঁচনি সন্দর্ভত আলোচনা আৰু কৃষি সামগ্রী/কৃষি সঁজুলি আদিও বিতৰণ কৰা হব।

ৰাজ্যৰ অন্যান্য জিলাসমূহৰ লগতে গোৱালপাৰা জিলাতো কাতি বিহু উপলক্ষে ঘৰে ঘৰে সন্ধিয়া তুলসীৰ তলত আৰু পথাৰত বন্তি প্রজ্বলন কৰা হব। গোৱালপাৰা জিলা কৃষি বিষয়াৰ কাৰ্যালয়ে জিলাখনত আগিয়াৰ বাপুপাৰা গাঁৱত কাতি বিহু পালনৰ লগতে বিভাগীয় আঁচনি সন্দর্ভত সজাগতা সভা অনুষ্ঠিত কৰিব। এই সভাতেই কৃষকৰ মাজত কৃষি সামগ্রীও বিতৰণ কৰা হব।