October 18, 2025 8:24 PM

views 82

ৰাজ্যৰ প্ৰান্তে প্রান্তে কাতি বিহু পালন; ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰীৰ শুভেচ্ছা

আজি কাতি বিহু। অসমৰ কৃষিজীৱি ৰাইজে আহিন আৰু কাতিৰ দোমাহীৰ দিনা কাতি বিহু পালন কৰি শস্যৰ শ্ৰীবৃদ্ধি কামনা কৰে। ৰাজ্যৰ প্ৰান্তে প্রান্তে আজি কাতি বিহু পৰম্পৰাগত ৰীতি নীতিৰে পালন কৰা হৈছে। এই উপলক্ষে চোতালত তুলসী ৰুই তুলসীৰ তলত বন্তি জ্বলোৱাৰ লগতে পথাৰত বন্তি জ্বলাই বছৰটোৰ বাবে শ‍ইচ নদন বদন হোৱাৰ কামনা কৰা হৈছে। ঠায়ে ঠায়ে আকাশবন্তিও জ্বলোৱা হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কাতি বিহু উপলক্ষে ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰীগৰাকীয়ে তুলসী তলৰ বন্তিগছিয়ে সকলোলৈকে...

October 18, 2025 12:51 PM

views 374

কাতি বিহু উপলক্ষে ৰাজ্যবাসীলৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ শুভেচ্ছা জ্ঞাপন

আজি কাতি বিহু। আহিন আৰু কাতিৰ দোমাহীৰ দিনা কাতি বিহু পালন কৰি কৃষকসকলে শস্য শ্যামলা পথাৰৰ আশাৰে প্ৰাৰ্থনা জনায়। এই কাতি বিহু হৈছে অসমৰ জাতীয় উৎসৱ তিনি বিহুৰ অন্যতম। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কাতি বিহু উপলক্ষে ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বার্তাত মুখ্যমন্ত্ৰীগৰাকীয়ে তুলসী তলৰ বন্তিগছিয়ে সকলোলৈকে সুখ সমৃদ্ধি কঢ়িয়াই অনাৰ লগতে কৃষকৰ আশাৰ ধাননিডৰা সোণগুটিৰে উপচি পৰি ঘৰে ঘৰে লখিমীৰ বসতি হোৱাৰ কামনা কৰে। মূলতঃ কৃষিজীৱীসকলৰ চেনেহৰ এই বিহুত পথাৰৰ লখিমীক আদৰাৰ পূৰ্বে খেতি পথাৰত চাকি আৰ...

October 17, 2024 6:30 PM

views 37

সমগ্ৰ ৰাজ্যতে আজি কাতি বিহু পালন

সমগ্ৰ ৰাজ্যতে আজি কাতি বিহু পালন কৰা হৈছে। পথাৰৰ লখিমীক আদৰাৰ পূৰ্বে খেতি পথাৰত চাকি আৰু আকাশবন্তি জ্বলাই অসমৰ কৃষিজীৱী ৰাইজে কাতি বিহু উপলক্ষে সেৱা জনায়। আহিন আৰু কাতিৰ দোমাহীৰ দিনা কাতি বিহু পালন কৰি কৃষকসকলে শস্য শ্যামলা পথাৰৰ আশাৰে প্ৰাৰ্থনা জনায় । কাতি বিহু উপলক্ষে তুলসীৰ তলত বন্তি জ্বলোৱাৰ লগতে ভঁৰালঘৰ, গোহালি, পদূলি আদিত চাকি বন্তি জ্বলাই কৃষিজীৱী ৰাইজে মংগল কামনা কৰে । কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কাতি বিহুৰ সেৱা জ্ঞাপন কৰে। এটা বাৰ্তাত তেওঁ এই উৎসৱে সকলোৰে জীৱনলৈ সুখ-সমৃদ্ধি আৰু ...

October 17, 2024 11:25 AM

views 35

আজি কাতি বিহু, ৰাজ্যবাসীলৈ  অসমৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্রীৰ শুভেচ্ছা জ্ঞাপন

আজি কাতি বিহু। পথাৰৰ লখিমীক আদৰাৰ পূৰ্বে খেতি পথাৰত চাকি আৰু আকাশবন্তি জ্বলাই কৃষিজীৱী ৰাইজে সেৱা জনাব। আহিন আৰু কাতিৰ দোমাহীৰ দিনা কাতি বিহু পালন কৰি কৃষকসকলে শস্য শ্যামলা পথাৰৰ আশাৰে প্ৰাৰ্থনা জনায়। ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাতি বিহু পালনৰ প্ৰস্তুতি চলিছে। কাতি বিহু উপলক্ষে তুলসীৰ তলত বন্তি জ্বলোৱাৰ লগতে ভঁৰালঘৰ, গোহালি, পদুলি আদিত চাকি বন্তি জ্বলাই কৃষিজীৱী ৰাইজে মংগল কামনা কৰিব। ৰাজ্য চৰকাৰৰ নিৰ্দেশমৰ্মে আজি কৃষি বিভাগৰ উদ্যোগত ৰাজ্যৰ সম-জিলা আৰু মহকুমাসমূহত কাতি বিহু পালন কৰা হ'ব। ইয়াৰ লগত...