ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তদন্ত বাবে যাৱতীয় অনুমোদন লাভ

 কেন্দ্ৰীয় চৰকাৰে জনতাৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তদন্ত চলোৱাৰ বাবে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ২০৮ ধাৰাৰ অধীনত যাৱতীয় অনুমোদন লাভ কৰিছে। গৃহ মন্ত্ৰ্যালয়ৰ অনুমতিয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত অসম আৰক্ষীয়ে প্ৰস্তুত কৰা অভিযোগনামা দাখিলৰ পথ প্রশস্ত কৰিলে। উল্লেখযোগ্য যে দেশৰ বাহিৰত কোনো অপৰাধ সংঘটিত হলে কেন্দ্ৰীয় চৰকাৰে অনুমতি প্ৰদান নকৰালৈকে আদালতে সেই গোচৰৰ অভিযোগনামা গ্ৰহণ নকৰে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ আইনী কাম-কাজ আগবঢ়াই নিবলৈ কেন্দ্রীয় চৰকাৰৰ পৰা প্ৰয়োজনীয় অনুমতি লাভ কৰা সন্দৰ্ভত মুখ্যমন্ত্রী ৬০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে প্রকাশ কৰে যে প্ৰাণৰ শিল্পীগৰাকীৰ ৫৩ সংখ্যক জন্মদিনৰ দিনাই গৃহমন্ত্রী অমিত শ্বাহে এই অনুমোদন জনাইছে।

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিশেষ তদন্তকাৰী গোটৰ মুৰববী তথা অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্ৰধান মুন্নাপ্রসাদ গুপ্তাই কেন্দ্রীয় চৰকাৰৰ পৰা লাভ কৰা অনুমোদনৰ বিষয়টো অতি গুৰুত্বপূর্ণ বুলি প্রকাশ কৰে।

শ্রীগুপ্তাই লগতে কয়, যে বিদেশত সংঘটিত অপৰাধমূলক ঘটনাত ভাৰতীয় নাগৰিক জড়িত থাকিলে তেনে লোকৰ বিৰুদ্ধে আদালতত গোচৰ চলোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনৰ প্ৰয়োজন হয়। এই অনুমোদন আইনীভাবে বাধ্যতামূলক বুলি উল্লেখ কৰি বিশেষ সঞ্চালক প্রধানগৰাকী কয়, যে জুবিন গাৰ্গৰ মৃত্যু বিদেশত হোৱা বাবে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা ২০৮ ধাৰাৰ অধীনত কেন্দ্ৰীয় চৰকাৰে অনুমোদন প্রদান কৰিছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযোগনামা ১০ ডিচেম্বৰৰ পূৰ্বে আদালতত দাখিল কৰাৰ চেষ্টা চলোৱা হব বুলিও তেওঁ প্রকাশ কৰে। তেওঁ লগতে কয়, যে গোচৰ সংক্ৰান্তত এতিয়ালৈ ১৬০ জনৰো অধিক লোকৰ সাক্ষ্য লোৱা হৈছে আৰু ফৰেনচিক গবেষণা গাৰৰ পৰাও যাবতীয় প্রতিবেদন লাভ কৰিছে।