ৰাজ্যৰ প্ৰান্তে প্রান্তে আজি ব্যাপক উৎসাহ উদ্দীপনাৰে দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হৈছে। গুৱাহাটী মহানগৰীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কেন্দ্রীয়ভাৱে আয়োজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই অংশ লয়। মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ লগতে কুচ-কাৱাজৰ অভিবাদন গ্ৰহণ কৰে। এই অনুষ্ঠানত অসম আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰ লগতে বিভিন্ন সুৰক্ষা বাহিনীসমূহে কুচকাৱাজ প্ৰদৰ্শন কৰে। নিজৰ ভাষণৰ আৰম্ভণিতে মুখ্যমন্ত্ৰীয়ে স্বৰাজোত্তৰ অসমত প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্রিয় গোপীনাথ বৰদলৈক সোঁৱৰণ কৰে। তেওঁ কয়, যে বৰদলৈয়ে অসমৰ থলুৱা লোকসকলৰ সুৰক্ষাৰ লগতে প্ৰগতিৰ পথেৰে আগুৱাই নিয়াৰ ক্ষেত্ৰত বিশেষ ভূমিকা লৈছিল। ড° শৰ্মাই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অসমৰ উন্নয়নৰ ক্ষেত্ৰত আগবঢ়োৱা সহযোহিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। অসমক দেশৰ তৃতীয়খন দ্রুত বিকাশশীল ৰাজ্য হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়য়েও মুখ্যমন্ত্ৰীয়ে নিজৰ ভাষণত উল্লেখ কৰে। চাংসাৰিত উত্তৰ-পূবৰ প্ৰথমখন এইমছ, গুৱাহাটীৰ প্ৰস্তাৱিত ৰিং ৰোড প্রকল্প, কলিয়াবৰ, নুমলীগড়ত এলিভেটেড কৰিড’ৰ, নুমলীগড়-গহপুৰ সংযোগী সুৰংগ পথৰ লগতে কেইবাটাও প্ৰকল্পৰ কথা মুখ্যমন্ত্ৰীৰ ভাষণত উল্লেখ কৰে। ৰাজ্যখনত এহেজাৰ ৫০০ কিলোমিটাৰ ৰে’লপথৰ বৈদ্যুতিকীকৰণ সম্পূৰ্ণ হৈছে বুলি উল্লেখ কৰাৰ লগতে অহা ডিচেম্বৰত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ টার্মিনেল উদ্বোধন কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে। বিকাশৰ ক্ষেত্ৰত ২০২০-২১ বৰ্ষৰ তুলনাত ২০২৪-২৫ বৰ্ষত ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন ১১৩ শতাংশ বৃদ্ধি হৈছে বুলি তেওঁ উল্লেখ কৰে। আইন শৃংখলাৰ ক্ষেত্ৰত ৰাজ্যখনৰ সুস্থিৰ পৰিৱেশৰ সৃষ্টি হোৱাৰ কথা উল্লেখ কৰি তেওঁ কয়, যে বিভিন্ন গোচৰৰ অভিযোগ নামা দাখিলৰ হাৰ পূৰ্বৰ ৪৭ৰ পৰা ৬৭ শতাংলৈ বৃদ্ধি হৈছে। একেদৰে দোষী সাব্যস্ত হোৱাৰ হাৰ পূৰ্বৰ ৫ দশমিক ৭ শতাংশৰ পৰা চলিত বছৰত ২২ দশমিক ১-০ শতাংশলৈ বৃদ্ধি হৈছে। মহিলাৰ বিৰুদ্ধে পঞ্জীভুক্ত অপৰাধমূলক গোচৰ পূৰ্বৰ ২৬ হাজাৰৰ পৰা চলিত বছৰত ৫ হাজাৰলৈকে হ্ৰাস পাইছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। বাল্যবিবাহ ৰোধৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা উল্লেখনীয় পদক্ষেপৰ বিষয়ে উল্লেখ কৰি তেওঁ কয়, যে এই গোচৰসমূহত ৯৫ শতাংশ অভিযোগ নামা দাখিল কৰা হৈছে। নিযুক্তিৰ ক্ষেত্ৰত মাইলৰ খুঁটি হিচাপে ১ লাখ ২১ হাজাৰৰো অধিক যুৱক-যুৱতীক স্বচ্ছতাৰে নিযুক্তি দিয়া হৈছে বুলি তেওঁ উল্লেখ কৰে। ৰাজ্যৰ জনগাঁথনিৰ ক্ষেত্ৰত সৃষ্টি হোৱা সমস্যা দূৰ কৰিবলৈ অসম চৰকাৰে চলোৱা উচ্ছেদ অভিযানৰ প্ৰসংগও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। পতাকা উত্তোলন কাৰ্যসূচীৰ পাছত দিনৰ ১০ বজাত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ কাৰাবন্দী, ৰাজ্যিক কৰ্কট প্রতিষ্ঠান, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, বি বৰুৱা কৰ্কট চিকিৎসালয় আৰু যক্ষ্মা চিকিৎসালয়ৰ ৰোগীসকলৰ লগতে বিভিন্ন অনাথ আশ্রম, মুক-বধিৰ বিদ্যালয় আদিৰ ছাত্ৰ-ছাত্ৰীৰ মাজত আৰু আন ভিন ভিন অনুষ্ঠান-প্ৰতিষ্ঠানত ফলমূল আদি বিতৰণ কৰা হয় ৷
Site Admin | August 15, 2025 12:33 PM | cm khanapara i day
গুবাহাটীৰ খানাপাৰাত কেন্দ্ৰীয়ভাৱে আয়োজিত স্বাধীনতা দিৱসত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পতাকা উত্তোলন
