August 15, 2025 12:33 PM

views 14

গুবাহাটীৰ খানাপাৰাত কেন্দ্ৰীয়ভাৱে আয়োজিত স্বাধীনতা দিৱসত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পতাকা উত্তোলন

ৰাজ্যৰ প্ৰান্তে প্রান্তে আজি ব্যাপক উৎসাহ উদ্দীপনাৰে দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হৈছে। গুৱাহাটী মহানগৰীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কেন্দ্রীয়ভাৱে আয়োজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই অংশ লয়। মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ লগতে কুচ-কাৱাজৰ অভিবাদন গ্ৰহণ কৰে। এই অনুষ্ঠানত অসম আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰ লগতে বিভিন্ন সুৰক্ষা বাহিনীসমূহে কুচকাৱাজ প্ৰদৰ্শন কৰে। নিজৰ ভাষণৰ আৰম্ভণিতে মুখ্যমন্ত্ৰীয়ে স্বৰাজোত্তৰ অসমত প্ৰথমগৰা...