ডাউনলোড
মোবাইল এপ

android apple
signal

দক্ষিণ কোৰিয়াত এডভাণ্টেজ আছামৰ ৰোড শ্ব’ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা; ১৪০গৰাকীৰো অধিক উদ্যোগপতিৰে মতবিনিময়

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি দক্ষিণ কোৰিয়াৰ ৰাজধানী ছিউলত ইণ্ডিয়ান চেম্বাৰ অৱ কমাৰ্চে আয়োজন কৰা এডভাণ্টেজ আছামৰ ৰোড শ্ব’ত অংশগ্ৰহণ কৰি ১৪০ গৰাকীৰো অধিক উদ্যোগপতিৰ সৈতে মতবিনিময় কৰে। অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত হ’বলগীয়া এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণলৈ বিদেশী বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ উদ্দেশ্যৰে দক্ষিণ কোৰিয়া আৰু জাপান ভ্ৰমণলৈ যোৱা মুখ্যমন্ত্ৰীয়ে কোৰিয়াৰ কোম্পানীসমূহক অসমত বিনিয়োগ কৰিবলৈ আহ্বান জনায়। প্রকৃতিৰ অনৱদ্য অৱদানেৰে ভৰপূৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলত পর্যটনকে ধৰি বিভিন্ন ক্ষেত্ৰত বিনিয়োগৰ ব্যাপক সম্ভাৱনাৰ কথা মুখ্যমন্ত্রীয়ে সদৰি কৰে। ড০ শৰ্মাই লগতে কোৰিয়া বাণিজ্য-বিনিয়োগ প্ৰসাৰ সংস্থাৰ অধ্যক্ষ কিয়ুং চুং কা আৰু সংস্থাটোৰ অন্যান্য প্রতিনিধিসকলৰ সৈতেও আলোচনাত মিলিত হয়। বৈঠকত অসম আৰু কোৰিয়াৰ ব্যৱসায়কেন্দ্ৰিক পাৰস্পৰিক লাভালাভক প্ৰাধান্য দি ব্যৱসায়, বাণিজ্য, উদ্যোগ আৰু দক্ষতাৰ ক্ষেত্ৰত বিকাশ আৰু উন্নয়নৰ হকে অংশীদাৰিত্ব সন্দৰ্ভত আলোচনা কৰা হয়। মুখ্যমন্ত্ৰীয়ে প্রতিনিধিসকলক অসমৰ সমৃদ্ধ পৰ্যটন সম্ভাৱনাৰ কথা অৱগত কৰোৱাৰ লগতে ৰাজ্যত ছেমিকণ্ডাক্টৰ পৰিৱেশতন্ত্ৰ গঢ়ি তোলাৰ পৰিকল্পনাৰ কথাও উল্লেখ কৰে৷ দক্ষিণ কোৰিয়া ভ্রমণ সামৰি মুখ্যমন্ত্ৰীয়ে টকিঅ’ত উদ্যোগপতি তথা ব্যৱসায়িক নেতৃত্বৰ সৈতেও আলোচনাত মিলিত হ’ব। জাপান আৰু দক্ষিণ কোৰিয়া ভ্ৰমণৰ অন্তত অহা ১০ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীগৰাকী ছিংগাপুৰলৈ ৰাওনা হ’ব।

অধিক পঢ়ক

সকলো চাওক