মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে কাছাৰ জিলাত উপস্থিত হৈ ছটা আশ্রয় শিবিৰ পৰিদৰ্শন কৰে। তেওঁ লগতে বানপীড়িতসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ কয় যে বৰাক নদী যদিও বিপদসীমাৰ ওপৰেৰে বৈ আছে এতিয়ালৈকে কোনো ঠাইতে মথাউৰি ছিগা নাই। পৰিস্থিতিৰ ওপৰত জিলা প্ৰশাসনে সতর্ক দৃষ্টি ৰাখিব বুলি তেওঁ মন্তব্য কৰে।
চৰকাৰী কাৰ্যসূচীৰে সম্প্ৰতি ন’ৰৱেত থকা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰি ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ লয়। তেওঁ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ বান আৰু খহনীয়া সম্পৰ্কে আলোচনা কৰি ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বুজ লোৱাৰ লগতে ৰাজ্যৰ বান ক্ষতিগ্ৰস্ত জনসাধাৰণৰ সহায়ৰ বাবে হাত আগবঢ়াব বুলি প্ৰকাশ কৰাৰ কথা মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে উল্লেখ কৰে।
ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই কালি নগাঁও জিলাৰ কলিয়াবৰ সমষ্টিৰ বান ক্ষতিগ্রস্ত কেইবাটাও অঞ্চল পৰিদৰ্শন কৰে। তেওঁ ক্ষতিগ্রস্ত লোকসকলক সাক্ষাৎ কৰি তেওঁলোকক প্রয়োজনীয় সহায় আগবঢ়োৱাৰ আশ্বাস দিয়ে। মন্ত্ৰীগৰাকীয়ে সমষ্টিটোৰ ভূৰবন্ধা, শালনাৰ লগতে কেইবাটাও অঞ্চল পৰিদৰ্শন কৰে।