বিহু আৰু ঝুমুৰক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰাৰ বাবে ৰাজ্য চৰকাৰে গুৱাহাটীত বৃহৎ কাৰ্যসূচীৰ আয়োজন কৰাৰ পাছত এইবাৰ বড়োসকলৰ বাগৰুম্বা আৰু বাৰদৈ ছিখিলাক অনুৰূপ ধৰণেৰে তুলি ধৰাৰ বাবে চৰকাৰে চিন্তা-চৰ্চা কৰিছে। সেই অনুসৰি অহা অক্টোবৰত গুৱাহাটীৰ সৰুসজাইত ১০ হাজাৰৰো অধিক শিল্পীক লৈ ৰাজ্য চৰকাৰে বাগৰুম্বা আৰু বাৰদৈ ছিখিলা নৃত্য প্ৰদৰ্শনৰ ব্যৱস্থা কৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। কোকৰাঝাৰৰ দোতমাত নিখিল বড়ো ছাত্ৰ সন্থাৰ ৫৭ সংখ্যক বাৰ্ষিক অধিবেশনত অংশগ্ৰহণ কৰি কালি মুখ্যমন্ত্রী ড০ শর্মাই এই কথা প্রকাশ কৰিছে। আনহাতে অহা এক মে’ত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ মৃত্যুবার্ষিকী বি টি আৰ প্ৰশাসনৰ সহযোগত ৰাজ্য চৰকাৰে বডোফাৰ সমাধিস্থলীত ৰাজ্যিক মৰ্যদাৰে পালন কৰিব বুলি ঘোষণা কৰিছে। ১৫ এপ্ৰিলত কোকৰাঝাৰ বিশ্ববিদ্যালয়ক পূৰ্ণাংগ ৰূপ দিয়া হ’ব বুলি তেওঁ কয়। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ মুখ্য অতিথি হিচাপে উপস্থিত থকা অনুষ্ঠানটোত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে বি টি আৰ অঞ্চলৰ শৈক্ষিক আন্তঃগাঁথনি ত্বৰান্বিত কৰাৰ বাবে কেইবাটাও প্ৰকল্পৰ বিষয়ে ঘোষণা কৰে। ড০ শৰ্মাই কোকৰাঝাৰ, গেলেপু, গুৱাহাটী ৰেলপথ, ওদালগুৰিত এখন নতুন মহাবিদ্যালয় স্থাপন, বড়োলেণ্ডত স্নাতক পর্যায়লৈ বড়ো ভাষা শিক্ষাৰ মাধ্যম হিচাপে ব্যৱহাৰ, ৩৫খন উচ্চ মাধ্যমিক বিদ্যালয়ক আদর্শ উচ্চ মাধ্যমিক বিদ্যালয়লৈ উন্নীতকৰণ, অঞ্চলটোত এহেজাৰ ২০০ মেগাৱাট বিদ্যুৎ উৎপাদন কেন্দ্ৰ স্থাপনকে ধৰি কেইবাটাও পৰিকল্পনাৰ বিষয়েও সদৰী কৰে।
Site Admin | March 17, 2025 12:00 PM | cm guwahati ragrumba october
গুৱাহাটীৰ সৰুসজাইত অহা অক্টোবৰত ১০ হাজাৰৰো অধিক শিল্পীৰ বাগৰুম্বা আৰু বাৰদৈ ছিখিলা নৃত্য প্ৰদৰ্শন