March 17, 2025 12:00 PM

views 14

গুৱাহাটীৰ সৰুসজাইত অহা অক্টোবৰত ১০ হাজাৰৰো অধিক শিল্পীৰ বাগৰুম্বা আৰু বাৰদৈ ছিখিলা নৃত্য প্ৰদৰ্শন

বিহু আৰু ঝুমুৰক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰাৰ বাবে ৰাজ্য চৰকাৰে গুৱাহাটীত বৃহৎ কাৰ্যসূচীৰ আয়োজন কৰাৰ পাছত এইবাৰ বড়োসকলৰ বাগৰুম্বা আৰু বাৰদৈ ছিখিলাক অনুৰূপ ধৰণেৰে তুলি ধৰাৰ বাবে চৰকাৰে চিন্তা-চৰ্চা কৰিছে। সেই অনুসৰি অহা অক্টোবৰত গুৱাহাটীৰ সৰুসজাইত ১০ হাজাৰৰো অধিক শিল্পীক লৈ ৰাজ্য চৰকাৰে বাগৰুম্বা আৰু বাৰদৈ ছিখিলা নৃত্য প্ৰদৰ্শনৰ ব্যৱস্থা কৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। কোকৰাঝাৰৰ দোতমাত নিখিল বড়ো ছাত্ৰ সন্থাৰ ৫৭ সংখ্যক বাৰ্ষিক অধিবেশনত অংশগ্ৰহণ কৰি কালি মুখ্যমন্ত...