ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানক ৰোগী ভৰ্তিৰ সময়ত ১০ হাজাৰ টকা আগধন জমা দিয়াৰ ব্যৱস্থা প্ৰত্যাহাৰ কৰিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত ৰোগী ভৰ্তি হোৱাৰ সময়ত ১০ হাজাৰ টকা আগধন হিচাপে জমা দিয়াৰ ব্যৱস্থা প্ৰত্যাহাৰ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। কোকৰাঝাৰৰ ছবদ্ৰাপাৰা বজাৰত বিজেপিৰ বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰাৰ অন্তত সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত ড° শৰ্মাই এই পৰামৰ্শ আগবঢ়ায়। প্রতিষ্ঠানখনৰ মাচুল বৃদ্ধিৰ সিদ্ধান্তক লৈ কিছু ভুল বুজাবুজি হোৱা বুলি উল্লেখ কৰি ড° শৰ্মাই কয় যে বৰ্ধিত মাচুল জনসাধাৰণে দিব নালাগে, আয়ুষ্মান ভাৰত আৰু আয়ুষ্মান অসম কাৰ্ডত চৰকাৰে এই ধন জমা দিব। আজি মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত এই বিষয়ে স্পষ্ট কৰা হ’ব বুলি ড° শৰ্মাই জানিবলৈ দিয়ে।

ভি চি ডি চি সন্দৰ্ভত মত প্ৰকাশ কৰি ড° শৰ্মাই কয়, যে ভি চি ডি চিসমূহ মনোনীত নহয় নির্বাচিত হ’ব লাগে। তেওঁ কয় যে নির্বাচিত হ’লেহে ভি চি ডি চিসমূহত স্থানীয় লোক অন্তৰ্ভুক্ত হ’ব আৰু উন্নয়নৰ প্রক্রিয়াও ত্বৰান্বিত হ’ব। তেওঁ লগতে কয় যে ৰাজ্য চৰকাৰে ১২৫ নম্বৰ সংবিধান সংশোধনৰ প্ৰস্তাৱৰ জৰিয়তে ভি চি ডি চিসমূহৰ সংস্কাৰ সাধনৰ ব্যৱস্থা কৰিছে। সাংবাদিকৰ এটা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে ট্রাইবেল বেল্টৰ সৈতে আপোচ কৰা নহ’ব বুলি প্ৰকাশ কৰে। ড° শৰ্মাই কয়, যে ৰাজ্যত কোনো ট্রাইবেল বেলট ভাঙি দিয়া নহয়, বৰং ৬০০ খন নতুন ট্রাইবেল বেল্ট আৰু ব্লক গঠনৰহে প্ৰস্তাৱ দিয়া হৈছে। তেঁও কয় যে বিষয়টো লৈ অযথা বিতৰ্ক কৰা হৈছে। ৰাজ্য চৰকাৰে জনজাতি সম্প্ৰদায়ৰ উন্নয়নৰ বাবে অহৰ্নিশে কাম কৰি আছে বুলি ড° শৰ্মাই প্রকাশ কৰে।