August 13, 2025 8:13 PM

views 13

ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানক ৰোগী ভৰ্তিৰ সময়ত ১০ হাজাৰ টকা আগধন জমা দিয়াৰ ব্যৱস্থা প্ৰত্যাহাৰ কৰিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত ৰোগী ভৰ্তি হোৱাৰ সময়ত ১০ হাজাৰ টকা আগধন হিচাপে জমা দিয়াৰ ব্যৱস্থা প্ৰত্যাহাৰ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। কোকৰাঝাৰৰ ছবদ্ৰাপাৰা বজাৰত বিজেপিৰ বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰাৰ অন্তত সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত ড° শৰ্মাই এই পৰামৰ্শ আগবঢ়ায়। প্রতিষ্ঠানখনৰ মাচুল বৃদ্ধিৰ সিদ্ধান্তক লৈ কিছু ভুল বুজাবুজি হোৱা বুলি উল্লেখ কৰি ড° শৰ্মাই কয় যে বৰ্ধিত মাচুল জনসাধাৰণে দিব নালাগে, আয়ুষ্মান ভাৰত আৰু আয়ুষ্মান অসম কাৰ্ডত চৰকাৰে এই ধন জমা দিব। ...