ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

June 23, 2025 11:56 AM | Cabinet Decision

printer

মুখ্যমন্ত্রীৰ অধ্যক্ষতাত কালি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হয়। ৰাজ্যত ৪৪ হাজাৰ ১০৬ খন বিদ্যালয়ত প্ৰধানমন্ত্রী পোষণ আঁচনিৰ অধীনত সেৱা আগবঢ়াই থকা ১ লাখ ৮ হাজাৰ ৬৪৩ গৰাকী মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীৰ মাহিলী মাননি ৫০০ টকাকৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অক্টোবৰৰ পৰা মধ্যাহ্ন ভোজনৰ ৰান্ধনী আৰু কৰ্মচাৰীয়ে এই মাননি লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। পূৰ্বে ৰান্ধনীসকলে কেন্দ্ৰীয় চৰকাৰৰ পৰা এহেজাৰ আৰু ৰাজ্য চৰকাৰৰ পৰা ৫০০ টকাকৈ লাভ কৰিছিল। মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতে এই মাননি দুহেজাৰ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে।
       বৈঠকত ৰাভা হাছং এলেকাৰ বাহিৰত থকা লোকসকলৰ বাবে ৰাভা উন্নয়ন পৰিষদ গঠনতো অনুমোদন জনোৱা হয়। অংগনৱাড়ী কৰ্মীসকলৰ ক্ষেত্ৰত নিৰীক্ষক পদৰ বাবে ৫০ শতাংশ সংৰক্ষণৰ লগতে ৰাজ্যৰ তৃতীয় লিংগৰ লোকসকলক সামাজিক আৰু আর্থিকভাৱে পিছপৰা শ্ৰেণীৰ লোকৰ মর্যাদা প্রদানবো সিদ্ধান্ত লোৱা হয়। গোৱালপাৰা জিলাৰ উৰপদ বিল আৰু হাছিলা বিলব দুহেজাৰ ৪৫ হেক্টৰ ভূমিক সংৰক্ষিত বনাঞ্চল হিচাপে বৈঠকত স্বীকৃতি প্ৰদান কৰা হয়। সৰ্বশিক্ষা অভিযানৰ পৰা নিয়মীয়া হোৱা সকলো শিক্ষকৰ বছৰেকীয়া মাননি ৩ শতাংশ বৃদ্ধি কৰাৰো সিদ্ধান্ত লোৱা হয়। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, সমগ্র শিক্ষা অভিযান আৰু অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ কৰ্মচাৰীসকলৰ বাবে আপোন ঘৰ আৰু আপোন বাহন আঁচনিৰ অধীনত ঋণ লাভৰ সুবিধা সন্দৰ্ভতো এই বৈঠকত সিদ্ধান্ত লোৱা হয়। ইয়াৰ লগতে কাৰ্বি আংলং জিলাত হিন্দুজা কোম্পানীৰ পাম্প ষ্টবেজ প্ৰকল্পৰ বাবে ৫ হাজাব ৪০০ কোটি টকাৰ অনুমোদন দিয়া হয়। বৈঠকত চন্দ্ৰপুৰত নৱোদয় বিদ্যালয় স্থাপনবো সিদ্ধান্ত গ্ৰহণ কৰা হয়।