June 23, 2025 11:56 AM

views 34

মুখ্যমন্ত্রীৰ অধ্যক্ষতাত কালি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হয়। ৰাজ্যত ৪৪ হাজাৰ ১০৬ খন বিদ্যালয়ত প্ৰধানমন্ত্রী পোষণ আঁচনিৰ অধীনত সেৱা আগবঢ়াই থকা ১ লাখ ৮ হাজাৰ ৬৪৩ গৰাকী মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীৰ মাহিলী মাননি ৫০০ টকাকৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অক্টোবৰৰ পৰা মধ্যাহ্ন ভোজনৰ ৰান্ধনী আৰু কৰ্মচাৰীয়ে এই মাননি লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। পূৰ্বে ৰান্ধনীসকলে কেন্দ্ৰীয় চৰকাৰৰ পৰা এহেজাৰ আৰু ৰাজ্য চৰকাৰৰ পৰা ৫০০ টকাকৈ...

February 7, 2025 11:25 AM

views 26

দেশৰ নতুন আয়কৰ বিধেয়কত কেন্দ্রীয় কেবিনেটে আজি অনুমোদন জনাব

দেশৰ নতুন আয়কৰ বিধেয়কত কেন্দ্রীয় কেবিনেটে আজি অনুমোদন জনাব। অহা সপ্তাহৰ আৰম্ভণিতে বিধেয়কখন লোকসভাত উত্থাপন কৰাৰ সম্ভাৱনা আছে। এতিয়াও বলবৎ হৈ থকা ১৯৬১ চনৰ আয়কৰ আইনৰ অৱসান ঘটাবলৈ কেন্দ্ৰই এই নতুন আইন প্ৰৱৰ্তনৰ সিদ্ধান্ত লৈছে। বিত্ত মন্ত্রী নির্মলা সীতাৰমনে শেহতীয়া বাজেট দাখিলৰ সময়তে কেবিনেটত নতুন আয়কৰ বিধেয়কৰ অনুমোদন দিয়া হ'ব বুলি ঘোষণা কৰিছিল। বিধেয়কখন স্পষ্ট আৰু পোনপটীয়া হ'ব বুলিও বিত্ত মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছিল৷ আর্থিক বিশ্লেষকসকলে অনুমান কৰা অনুসৰি নতুন আইনে আইন বিৰোধী কাম-কাজ...

January 29, 2025 7:48 PM

views 23

ৰাষ্ট্ৰীয় অপৰিহাৰ্য খনিজ পদার্থ অভিযানত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন

কেন্দ্ৰীয় চৰকাৰে প্ৰায় ৩৪ হাজাৰ কোটি টকা ব্যয় সাপেক্ষ ৰাষ্ট্ৰীয় অপৰিহাৰ্য খনিজ পদার্থ অভিযানত অনুমোদন জনাইছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি নতুন দিল্লীত এই বিষয়ে প্ৰকাশ কৰি কয়, যে দেশত সেউজ প্রযুক্তি, অধিক ব্যৱহাৰৰ বাবে অতি আৱশ্যকীয় এই খনিজ সম্পদসমূহক অবিৰতভাৱে ব্যৱহাৰ কৰাৰ উদ্দেশ্যে এই অভিযান আৰম্ভ কৰা হৈছে। তেঁও কয়, যে বিকল্প উৎসৰ পৰা শক্তি উৎপাদন, কৃষি, ইলেকট্রনিক্স, দূৰসংযোগ, পৰিবহন, বিমান আৰু মহাকাশ প্রযুক্তি, পাৰমানবিক শক্তি খণ্ড আৰু প্ৰতিৰক্ষা খণ্ডকে ধৰি বিভিন্ন খ...

August 25, 2024 11:07 AM

views 43

চৰকাৰী কৰ্মচাৰীসকলৰ নতুন পেন্সন আঁচনি ইউনিফাইড পেন্সন আঁচনিত কেন্দ্রীয় কেবিনেটৰ অনুমোদন

কেন্দ্রীয় কেবিনেটে চৰকাৰী কৰ্মচাৰীসকলৰ নিশ্চিত পেন্সন প্ৰদানৰ উদ্দেশ্যে নতুন পেন্সন আঁচনি, একীকৃত পেন্সন আঁচনিত অনুমোদন জনাইছে। কেবিনেট বৈঠকৰ পিছত নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে, এই আঁচনিৰ অধীনত ২৫ বছৰ সেৱা আগবঢ়োৱাৰ পাছত শেষৰ ১২টা মাহৰ দৰমহাৰ ৫০ শতাংশ পেন্সন হিচাপে আগবঢ়োৱা হ'ব। তদুপৰি এই আঁচনিত কৰ্মচাৰীৰ মৃত্যুৰ পাছত পৰিয়ালৰ বাবে ৬০ শতাংশ পেন্সনৰ নিশ্চিতি প্ৰদান কৰা হৈছে। শ্রীবৈষ্ণৱে কয় যে, এই আঁচনিৰ জৰিয়তে প্রায় ২৩ লাখ কেন্দ্ৰ...

August 9, 2024 8:14 PM

views 27

মন্ত্ৰীসভাৰ বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

দিছপুৰ লোককল্যাণ ভৱনত অনুষ্ঠিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী শর্মাই কেবিনেট সিদ্ধান্ত সন্দৰ্ভত কয় যে বিটিআৰত নতুনকৈ ১৬খন গাওঁ অন্তর্ভুক্ত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। পূৰ্বে বিটিআৰত ৪০খনতকৈও অধিক গাওঁ অন্তর্ভুক্ত কৰা হৈছিল। উল্লেখযোগ্য যে যোৱা বছৰে চৰকাৰে বিটিআৰত নতুনকৈ ৬০খন গাওঁ অন্তৰ্ভুক্ত কৰাৰ কথা প্ৰকাশ কৰিছিল। আজি কেবিনেট বৈঠকতে গণিতৰ স্নাতক শিক্ষক নামেৰে এটা নতুন পদ সৃষ্টি কৰা হৈছে বুলি জানিবলৈ দিয়ে। আনহ...