কাছাৰ জিলাৰ ৪ খন গাঁৱক বাল্যবিবাহ মুক্ত গাঁও হিচাপে ঘোষণা কৰাৰ কথা মুখ্যমন্ত্ৰী ডº হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যম যোগে প্রকাশ কৰিছে। সেই অনুসৰি জিলাখনৰ পালংঘাট উন্নয়ন খণ্ডৰ ৰুকি চতুর্থ খণ্ড গাঁও, কালাইন উন্নয়ন খণ্ডৰ অধীনৰ ভৈৰৱপুৰ প্ৰথম খণ্ড গাঁও, তাপাং উন্নয়ন খণ্ডৰ অধীনৰ ৰছকান্দি গ্রাণ্ট প্ৰথম আৰু দ্বিতীয় খণ্ড গাঁও বাল্য বিবাহমুক্ত হিচাপে ঘোষণা কৰা হৈছে। বেটি বাচাও, বেটি পঢ়াও আঁচনিৰ অধীনত গাঁও কেইখনক বাল্যবিবাহ মুক্ত বুলি ঘোষণা কৰা হৈছে। এই সন্দৰ্ভত সামাজিক মাধ্যমযোগে ৰাজ্য চৰকাৰে শেহতীয়াকৈ গ্ৰহণ কৰা বাল্যবিবাহ বিৰোধী অভিযানৰ প্ৰসংগও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ বেটি বাচাও, বেটি পঢ়াও আঁচনিৰ সমান্তৰালকৈ অসম চৰকাৰে গ্ৰহণ কৰা নিযুত মইনা আঁচনি আৰু অসম মুছলিম বিবাহ বাধ্যতামূলক পঞ্জীয়ন আইনে ৰাজ্যত বাল্যবিবাহ ৰোধৰ ক্ষেত্ৰত অগ্রণী ভূমিকা লোৱা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। কাছাৰৰ ৪ খন গাঁৱক বাল্যবিবাহ মুক্ত ঘোষণা কৰাৰ কথাই আগন্তুক সময়ত ৰাজ্য চৰকাৰৰ বাল্য বিবাহ বিৰোধী অভিযানক অধিক গতি প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আশা ব্যক্ত কৰে।