January 12, 2026 12:38 PM | Choriedwe mohotsav

printer

তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত চৰাইদেউ মহোৎসৱৰ কালি সামৰণি

বিশ্ব ঐতিহ্যক্ষেত্ৰ চৰাইদেউ মৈদাম ক্ষেত্ৰত পর্যটন বিভাগৰ উদ্যোগত আৰু চৰাইদেউবাসীৰ সহযোগত তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত চৰাইদেউ মহোৎসৱৰ কালি সামৰণি পৰে। কালি অন্তিম দিনা আয়োজিত সাংস্কৃতিক শোভাযাত্রাত ৪ সহস্রাধিক লোকে অংশগ্রহণ কৰে। এই শোভাযাত্রাত আহোম সৈনিক আৰু আহোম ডা-ডাঙৰীয়াক লগত লৈ প্রতীকি স্বৰ্গদেউৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতি প্রতিফলন ঘটে। ইয়াৰ পাছতে অনুষ্ঠিত মুকলি সভাত কেন্দ্রীয় ৰাজ্যমন্ত্রী পবিত্র মাৰ্ঘেৰিটা, ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্রী যোগেন মোহনৰ লগতে কেইবাগৰাকী বুৰঞ্জীবিদে অংশগ্রহণ কৰে। এই মহোৎসৱে চৰাইদেউৰ প্ৰতি দেশী-বিদেশী পর্যটকক আকৰ্ষিত কৰি তুলিছে বুলি কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী শ্ৰীমাৰ্ঘেৰিটাই প্রকাশ কৰে। নিশা অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত ৰাজ্যৰ বহুকেইজন কণ্ঠশিল্পীৰ লগতে নাগালেণ্ডৰ শিল্পীয়ে গীত পৰিৱেশন কৰে।

উল্লেখযোগ্য যে, চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা লাভ কৰাৰ পাছত এই মহোৎসবে অঞ্চলটোৰ পৰ্যটন আৰু সংস্কৃতিৰ ক্ষেত্ৰলৈ নতুন সম্ভাবনা কঢ়িয়াই আনিছে।