January 12, 2026 12:38 PM

views 13

তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত চৰাইদেউ মহোৎসৱৰ কালি সামৰণি

বিশ্ব ঐতিহ্যক্ষেত্ৰ চৰাইদেউ মৈদাম ক্ষেত্ৰত পর্যটন বিভাগৰ উদ্যোগত আৰু চৰাইদেউবাসীৰ সহযোগত তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত চৰাইদেউ মহোৎসৱৰ কালি সামৰণি পৰে। কালি অন্তিম দিনা আয়োজিত সাংস্কৃতিক শোভাযাত্রাত ৪ সহস্রাধিক লোকে অংশগ্রহণ কৰে। এই শোভাযাত্রাত আহোম সৈনিক আৰু আহোম ডা-ডাঙৰীয়াক লগত লৈ প্রতীকি স্বৰ্গদেউৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতি প্রতিফলন ঘটে। ইয়াৰ পাছতে অনুষ্ঠিত মুকলি সভাত কেন্দ্রীয় ৰাজ্যমন্ত্রী পবিত্র মাৰ্ঘেৰিটা, ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্রী যোগেন মোহনৰ লগতে কেইবাগৰাকী বুৰঞ্...