বিশ্ব ঐতিহ্যক্ষেত্ৰ চৰাইদেউ মৈদাম ক্ষেত্ৰত পর্যটন বিভাগৰ উদ্যোগত আৰু চৰাইদেউবাসীৰ সহযোগত কালিৰে পৰা তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত চৰাইদেউ মহোৎসৱৰ আজি দ্বিতীয় দিনা প্রতিকী ৰূপত স্বৰ্গদেউৰ শোভাযাত্ৰা আৰু ৰাজসভা অনুষ্ঠিত হয়। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত আয়োজিত এই মহোৎসৱৰ আজি শোভাযাত্রাই সকলোকে আপ্লুত কৰে। সহস্রাধিক লোকৰ উপস্থিতিত চৰাইদেউত প্রতিকী ৰাজসভা অনুষ্ঠিত হয়। টাই আহোমসকলৰ পৰম্পৰাগত ৰীতি-নীতিৰে স্বৰ্গদেউক আদৰণি জনোৱা হয়।
উল্লেখযোগ্য যে, চৰাইদেৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্য্যাদা লাভ কৰাৰ পাছত এই মহোৎসৱে অঞ্চলটোৰ পৰ্য্যটন আৰু সংস্কৃতিৰ ক্ষেত্ৰলৈ নতুন সম্ভাবনা কঢ়িয়াই আনিছে। তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত চৰাইদেউ মহোৎসৱ এইবাৰ এখন বৃহৎ আকাৰৰ কেনভাছে আকর্ষণীয় কৰি তুলিছে। কেনভাছখনত চীনৰ যুন্নান প্ৰদেশৰ মাউলুঙৰ পৰা সুদূৰ পাটকাই পর্বত অতিক্রমী চাউলুং চ্যুকাফাৰ অসম আগমণৰ ছবি শিল্পীৰ তুলিকাত প্রাণ পাই উঠিছে।