January 17, 2026 7:25 PM

views 24

চৰাইদেউ জিলাত অহা ১৯ জানুৱাৰীৰ পৰা জাপানীজ এনকেফেলাইটিছৰ টিকাকৰণ অভিযান অনুষ্ঠিত

চৰাইদেউ জিলাত অহা ১৯ জানুৱাৰীৰ পৰা ১৫ বছৰৰ পৰা ৬৫ বছৰ বয়সৰ লোক সকলৰ বাবে জাপানীজ এনকেফেলাইটিছৰ টিকাকৰণ অভিযান অনুষ্ঠিত হব। এই অভিযান ফেব্ৰুৱাৰীৰ মাহৰ প্ৰথম সপ্তাহলৈ চলিব বুলি চৰাইদেউ জিলা যুটীয়া স্বাস্থ্য সঞ্চালকে জানিবলৈ দিছে। জিলাখনৰ সকলো চৰকাৰী স্বাস্থ্য প্রতিষ্ঠান, উপস্বাস্থ্য কেন্দ্র, টিকাকৰণ স্থানসমূহৰ লগতে গাঁৱে গাঁৱে বিশেষ শিবিৰ পাতি টিকা প্রদান কৰা হ'ব। অতিৰিক্ত মুখ্য স্বাস্থ্য আৰু চিকিৎসা বিষয়া ডাঃ সোণালী চেতিয়াই সোণাৰীত আজি অনুষ্ঠিত এখন সংবাদমেল যোগে এই বিষয়ে জানিবলৈ দিয়ে। এই কাৰ্যসূচ...

January 10, 2026 7:14 PM

views 11

চৰাইদেউ মহোৎসৱ উপলক্ষে প্রতিকী ৰূপত স্বৰ্গদেউ শোভাযাত্ৰা আৰু ৰাজসভাৰ আয়োজন

বিশ্ব ঐতিহ্যক্ষেত্ৰ চৰাইদেউ মৈদাম ক্ষেত্ৰত পর্যটন বিভাগৰ উদ্যোগত আৰু চৰাইদেউবাসীৰ সহযোগত কালিৰে পৰা তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত চৰাইদেউ মহোৎসৱৰ আজি দ্বিতীয় দিনা প্রতিকী ৰূপত স্বৰ্গদেউৰ শোভাযাত্ৰা আৰু ৰাজসভা অনুষ্ঠিত হয়। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত আয়োজিত এই মহোৎসৱৰ আজি শোভাযাত্রাই সকলোকে আপ্লুত কৰে। সহস্রাধিক লোকৰ উপস্থিতিত চৰাইদেউত প্রতিকী ৰাজসভা অনুষ্ঠিত হয়। টাই আহোমসকলৰ পৰম্পৰাগত ৰীতি-নীতিৰে স্বৰ্গদেউক আদৰণি জনোৱা হয়। উল্লেখযোগ্য যে, চৰাইদেৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰ...

January 9, 2025 8:39 PM

views 37

বিশ্ব ঐতিহ্যক্ষেত্ৰ চৰাইদেউ মৈদাম প্রাঙ্গণত চৰাইদেউ মহোৎসৱ ২০২৫-ৰ আয়োজন

লোক কৃষ্টি গৱেষণা উন্নয়ন সমিতি তথা চৰাইদেউবাসী ৰাইজৰ উদ্যোগত আৰু অসম চৰকাৰৰ সহযোগত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে বিশ্ব ঐতিহ্যক্ষেত্ৰ চৰাইদেউ মৈদাম প্রাঙ্গণত চৰাইদেউ মহোৎসৱ ২০২৫-ৰ আয়োজন কৰা হৈছে। আজি পুৱা মাঙ্গলিক কাৰ্যসূচীৰে মহোৎসৱৰ শুভাৰম্ভ কৰা হয়। ইয়াৰ পাছতে স্বৰ্গদেউসকলৰ তৰ্পণ আৰু বান-ফি পূজা কৰা হয়। মহোৎসৱৰ আজি প্ৰথম দিনা খিলঞ্জীয়া আৰু জনজাতি বিশ্বাস আৰু সংস্কৃতি মন্ত্ৰী যোগেন মহনে খাদ্যমেলাৰ উদ্বোধন কৰে। টাই-আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ূৰ বৰগোহাঁইয়ে গ্ৰন্থ, বস্ত্ৰ আৰু কৃষিমেলা...