লোক কৃষ্টি গৱেষণা উন্নয়ন সমিতি তথা চৰাইদেউবাসী ৰাইজৰ উদ্যোগত আৰু অসম চৰকাৰৰ সহযোগত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে বিশ্ব ঐতিহ্যক্ষেত্ৰ চৰাইদেউ মৈদাম প্রাঙ্গণত চৰাইদেউ মহোৎসৱ ২০২৫-ৰ আয়োজন কৰা হৈছে। আজি পুৱা মাঙ্গলিক কাৰ্যসূচীৰে মহোৎসৱৰ শুভাৰম্ভ কৰা হয়। ইয়াৰ পাছতে স্বৰ্গদেউসকলৰ তৰ্পণ আৰু বান-ফি পূজা কৰা হয়। মহোৎসৱৰ আজি প্ৰথম দিনা খিলঞ্জীয়া আৰু জনজাতি বিশ্বাস আৰু সংস্কৃতি মন্ত্ৰী যোগেন মহনে খাদ্যমেলাৰ উদ্বোধন কৰে। টাই-আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ূৰ বৰগোহাঁইয়ে গ্ৰন্থ, বস্ত্ৰ আৰু কৃষিমেলাৰ উদ্বোধন কৰি চৰাইদেউ মৈদাম ক্ষেত্ৰত টাই সাংস্কৃতিক কেন্দ্ৰ স্থাপনৰ বাবে ১ কোটি টকাৰ অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰে। এই মহোৎসৱতে টাই-আহোম উন্নয়ন পৰিষদে স্বৰ্গদেউ চাওলুং চ্যুকাফা মৈদাম সংৰক্ষণৰ আধাৰশিলা স্থাপন কৰিব বুলি উন্নয়ন সমিতিয়ে প্ৰকাশ কৰিছে। মহোৎসৱৰ পৰৱৰ্তী দিনৰ বিভিন্ন কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাকে ধৰি কেইবাগৰাকী কেবিনেট মন্ত্ৰীয়ে অংশগ্ৰহণ কৰাৰ কথা ।
Site Admin | January 9, 2025 8:39 PM | chiredew
বিশ্ব ঐতিহ্যক্ষেত্ৰ চৰাইদেউ মৈদাম প্রাঙ্গণত চৰাইদেউ মহোৎসৱ ২০২৫-ৰ আয়োজন
