ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

চীনে অৰুণাচলৰ বহু ঠাইৰ নাম সলনি কৰা কাৰ্যক ভাৰতৰ গৰিহণা

♦ চীনে অৰুণাচল প্ৰদেশৰ ভালেমান ঠাইৰ নাম সলনি কৰা কাৰ্যক ভাৰতে গৰিহণা দিছে। বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কৈছে যে, এনেধৰণৰ মনেসজা নামে অৰুণাচল প্ৰদেশৰ বাস্তৱিকতা সলনি কৰিব নোৱাৰে। অৰুণাচল প্ৰদেশ সদায় ভাৰতৰ অবিচ্ছেদ্য অংগ আছিল আৰু আগলৈও অভিন্ন অংগ হৈ থাকিব বুলি মুখপাত্ৰগৰাকীয়ে প্ৰকাশ কৰে।

Read More News : 

চীনে বাৰে বাবে নাম সলনি কৰা কাৰ্য্যৰ প্ৰতিক্ৰিয়াস্বৰূপে ভাৰতে এইদৰে প্ৰকাশ কৰিছে। বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰে কালি কৈছিল যে, নাম সলনি কৰাৰ কাৰ্য্যৰ পৰা কোনো প্ৰভাৱ নপৰে। অৰুণাচল প্ৰদেশ ভাৰতৰ ৰাজ্য আছিল আৰু সদায় ভাৰতৰ ৰাজ্য হৈ থাকিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিল।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।