ষট পূজা উপলক্ষে ৰে’ল বিভাগৰ যাত্ৰীৰ সুবিধাৰ্থে বিশেষ ৰে’লৰ ব্যৱস্থা

ষট পূজা উপলক্ষে ৰে’ল বিভাগে যাত্ৰীৰ সুবিধা আৰু সুচল যাত্ৰাৰ বাবে বিশেষ ৰে’লগাড়ী চলোৱাৰ ব্যৱস্থা কৰিছে। যাত্ৰীৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি আজি ১৮৫ খন বিশেষ ৰে’ল গাড়ী চলোৱা হৈছে আৰু প্ৰায় ২৫খন উৎসৱ বিশেষ ৰে’ল দিল্লী এন চি আৰৰ পৰা বিভিন্ন প্ৰান্তলৈ চলোৱা হৈছে।

Chhath - Wikipedia

ইয়াৰ ভিতৰত ছাহৰছা, বাৰানসী, আয়োধ্যা, লক্ষ্ণৌ, পাটনা, মুজাফৰপুৰ, গোড়খপুৰ, প্ৰয়াগৰাজ, দ্বাৰভাংগা, ইন্দোৰ আৰু থিৰুৱানন্তপুৰমলৈ বিশেষ ৰে’লগাড়ী চলোৱাৰ ব্যৱস্থা কৰা হৈছে। আকাশবাণীৰ সৈতে হোৱা কথা-বতৰাত উত্তৰ ৰে’লৱেৰ মুখ্য জনসংযোগ বিষয়া হিমাংশু শেখৰ উপাধ্যায়ে কয় যে, ৰে’ল বিভাগে নিয়মীয়া ৰে’লৰ উপৰি উৎসৱ বিশেষ ৰে’লগাড়ী চলাই আছে। ৰে’ল বিভাগে দৈনিক অতিৰিক্ত দুই লাখ যাত্ৰীৰ যাতায়াতৰ সুবিধা প্ৰদান কৰি আহিছে।