ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 5, 2024 8:41 PM | Chhath Puja

printer

চাৰিদিনীয়া ষট পূজা ‘নহায়-খায়’ ৰীতিৰে আজি আৰম্ভ

চাৰিদিনীয়া ষট পূজা ‘নহায়-খায়’ ৰীতিৰে আজি আৰম্ভ হৈছে। সূর্য উপাসনাৰ এই উৎসৱ ৮ নৱেম্বৰত সামৰণি পৰিব। উৎসৱৰ প্ৰথম দিনা আজি ভক্তসকলে বিভিন্ন নৈ-পুখুৰী আৰু জলাশয়ত পৱিত্ৰ স্নান সম্পন্ন কৰে। সূৰ্য দেৱতাৰ উপাসনাৰ পাছত তেওঁলোকে প্ৰসাদ গ্ৰহণ কৰিব। পৰহিলৈ অষ্টগামী সূৰ্য আৰু শুকুৰবাৰে উদিত সূৰ্যলৈ অৰ্ঘ্য অর্পণ কৰাৰ লগে লগে এই উৎসৱৰ সামৰণি পৰিব। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নহায় খায় উপলক্ষে জনসাধাৰণক ওলগ জনাইছে। প্রধানমন্ত্রীয়ে সামাজিক মাধ্যমযোগে কৈছে যে, যঠি মৈয়াৰ আশীষেৰে ষট পূজাৰ সকলো আনুষ্ঠানিকতা সফলতাৰে সম্পন্ন হব বুলি আশা প্ৰকাশ কৰিছে ।