ছত্তীশগড় জিলাৰ বিজাপুৰত নিৰাপত্তা বাহিনীৰে হোৱা সংঘৰ্ষত চাৰিগৰাকী মহিলা কেডাৰকে ধৰি ছজন মাওবাদীৰ মৃত্যু হয়। এয়া মাওবাদী কাৰ্যকলাপৰ বিৰুদ্ধে অঞ্চলটোত চলা জিলা ৰিজার্ভগার্ড, কোৱা আৰু বিশেষ টাস্ক ফ‘ৰ্চৰ যৌথ অভিযানৰ অন্যতম সফলতাৰূপে বিবেচিত হৈছে। নিহত মাওবাদীকেইজনৰ ৪জন চিনাক্ত হ‘লেও বাকী দুজনৰ এতিয়ালৈ পৰিচয় জানিব পৰা হোৱা নাই।
নিৰাপত্তা বাহিনীৰ বিষয়াসকলে নিশ্চিত কৰিছে যে, মৃত মাওবাদীকেইজনৰ অন্যতম দিলীপ বেডজাই দীর্ঘদিন ধৰি ইন্দ্ৰাৱতী সংৰক্ষিত বনাঞ্চল তথা ৰাষ্ট্ৰীয় উদ্যান অঞ্চলত সক্রিয় হৈ আছিল আৰু ৰাজ্যখনৰ বিৰুদ্ধে হিংসাত্মক অভিযানৰ পৰিকল্পনা ৰচিছিল। উপ-মুখ্যমন্ত্রী বিজয় শর্মাই মন্তব্য কৰিছে যে, বাৰম্বাৰ আত্মসমৰ্পণৰ বাবে জনোৱা আহ্বান নাকচ কৰাৰ পাছত বেডজাক নিষ্ক্রিয় কৰা হয়। শ্রীশর্মাই লগতে কয় যে বেডজাৰ মৃত্যুৰ লগে লগে ৰাষ্ট্ৰীয় উদ্যান অঞ্চলটোক এতিয়া মাওবাদীৰ উপস্থিতিৰ পৰা প্ৰায় মুক্ত বুলি গণ্য কৰিব পৰা যাব।
সংঘৰ্ষস্থলীৰ পৰা দুটা এ কে ৪৭ ৰাইফল, এটা ইনছাছ ৰাইফল, দুটা ৩০৩ ৰাইফল আৰু ৬টা গ্রেনেডকে ধৰি বৃহৎ পৰিমাণৰ অস্ত্র-শস্ত্র উদ্ধাৰ কৰা হয়। ইপিনে, ৰাজ্যখনৰ মুখ্যমন্ত্রী বিষ্ণু দেও ছাইয়ে মাওবাদীসকলক হিংসা পৰিত্যাগ কৰি মূলসুঁতিলৈ উভতিবলৈ আহ্বান জনাইছে। তেওঁলোকৰ ন্যায়, নিৰাপত্তা আৰু মৰ্যাদাৰে পুনর্সংস্থাপনৰ বাবে চৰকাৰ সম্পূর্ণ প্রতিশ্রুতিবদ্ধ বুলি তেওঁ সামাজিক মাধ্যমযোগে প্রকাশ কৰে।