January 19, 2026 12:05 PM

views 16

ছত্তীশগড় জিলাৰ বিজাপুৰত নিৰাপত্তা বাহিনীৰে হোৱা সংঘৰ্ষত ৪ গৰাকী মহিলা কেডাৰকে ধৰি ৬ জন মাওবাদীৰ মৃত্যু

ছত্তীশগড় জিলাৰ বিজাপুৰত নিৰাপত্তা বাহিনীৰে হোৱা সংঘৰ্ষত চাৰিগৰাকী মহিলা কেডাৰকে ধৰি ছজন মাওবাদীৰ মৃত্যু হয়। এয়া মাওবাদী কাৰ্যকলাপৰ বিৰুদ্ধে অঞ্চলটোত চলা জিলা ৰিজার্ভগার্ড, কোৱা আৰু বিশেষ টাস্ক ফ'ৰ্চৰ যৌথ অভিযানৰ অন্যতম সফলতাৰূপে বিবেচিত হৈছে। নিহত মাওবাদীকেইজনৰ ৪জন চিনাক্ত হ'লেও বাকী দুজনৰ এতিয়ালৈ পৰিচয় জানিব পৰা হোৱা নাই। নিৰাপত্তা বাহিনীৰ বিষয়াসকলে নিশ্চিত কৰিছে যে, মৃত মাওবাদীকেইজনৰ অন্যতম দিলীপ বেডজাই দীর্ঘদিন ধৰি ইন্দ্ৰাৱতী সংৰক্ষিত বনাঞ্চল তথা ৰাষ্ট্ৰীয় উদ্যান অঞ্চলত সক্রিয় হৈ আছিল আৰু ৰাজ...

December 4, 2025 11:54 AM

views 21

ছত্তিশগড়ৰ বিজাপুৰত কালি সুৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত ১২ জন মাওবাদী নিহত

ছত্তিশগড়ৰ বিজাপুৰ জিলাত কালি সুৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত ১২ জন মাওবাদী নিহত হয়। অভিযানৰ সময়ত সুৰক্ষা বাহিনীৰো ৩জন জোৱান নিহত হোৱাৰ লগতে দুজন গুৰুতৰভাৱে আহত হয়। বিজাপুৰৰ আৰক্ষী অধীক্ষক জিতেন্দ্র যাদৱে জনোৱা মতে গোপন সূত্ৰৰ ভিত্তিত বিজাপুৰ-দান্তেৱাড়া সীমান্তত মাওবাদীৰ অৱস্থিতিৰ তথ্য লাভ কৰাৰ পাছতে জিলা সংৰক্ষিত বাহিনী, বিশেষ কার্যবাহিনী, কোৱা ইউনিট আৰু জিলা দুখনৰ পৰা কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ দলে অঞ্চলটোত যুটীয়াভাৱে অভিযান চলায়। ঘটনাস্থলীৰ পৰা এতিয়ালৈকে ১২ জন মাওবাদীৰ মৃতদেহ উদ্ধাৰ ক...

August 28, 2025 12:11 PM

views 28

চত্তিশগড়ত ৩০ জন মাওবাদীৰ আত্মসমৰ্পণ

চত্তিশগড়ৰ বিজাপুৰ জিলাত কালি ৩০ জন মাওবাদীয়ে আত্মসমৰ্পণ কৰে। আৰক্ষী অধীক্ষক জীতেন্দ্ৰ যাদৱে প্ৰকাশ কৰা অনুসৰি আত্মসমৰ্পণ কৰা মাওবাদী কেইজনৰ বিনিময়ত ইতিমধ্যে ৮১ লাখ টকাৰ ঘোষণা কৰা হৈছিল। আত্মসমৰ্পণ কৰা মাওবাদীকেইজন বিভিন্ন ঘটনাৰ সৈতে জড়িত বুলি পূর্বে জনোৱা হৈছিল। ৰাজ্য চৰকাৰৰ পুনৰ্বাসন আঁচনিৰ অধীনত কালি আত্মসমৰ্পণ কৰা প্ৰতিজন মাওবাদীকে ১৫ হাজাৰ টকাকৈ প্ৰদান কৰা হয় ৷

May 21, 2025 7:53 PM

views 32

ছট্টিশগড়ৰ নাৰায়ণপুৰ অবুঝমাড় এলেকাত সুৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত এজন শীর্ষ কমাণ্ডাৰসহ কমেও ২০ জন নক্সালবাদী নিহত

ছট্টিশগড়ৰ নাৰায়ণপুৰ জিলাৰ অবুঝমাড় এলেকাত সুৰক্ষা বাহিনীৰ সৈতে হোৱা এটা সংঘৰ্ষত এজন শীর্ষ কমাণ্ডাৰসহ কমেও ২০ জন নক্সালবাদী নিহত হৈছে। এই সংঘৰ্ষত সুৰক্ষা বাহিনীৰ এজন জোৱান আহত হোৱা বুলি জানিব পৰা গৈছে। ছট্টিশগড়ৰ নাৰায়ণপুৰ, দান্তেৱাৰা, বিজাপুৰ আৰু কন্দাগাঁৱৰ জিলা সংৰক্ষিত বাহিনীৰ এটা যৌথ দলে অবুঝমাড় এলেকাত নক্সালবাদীৰ এজন শীর্ষ নেতা আৰু ভালেসংখ্যক নক্সালবাদী আত্মগোপন কৰি থকা বুলি সম্ভেদ লাভ কৰি আজি পুৱা চলোৱা অভিযানত এই নক্সালবাদীকেইজন নিহত হয়। আমালৈ বাতৰি অহাৰ পৰলৈকে নক্সালবাদী আৰু সুৰক্ষা ...

March 25, 2025 7:06 PM

views 28

ছত্তিশগড়ত আজি নিৰাপত্তা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত তিনিজন মাওবাদী নিহত

ছত্তিশগড়ৰ দান্তেৱাড়া জিলাত আজি নিৰাপত্তা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত তিনিজন মাওবাদী নিহত হয়। চৰকাৰী সূত্ৰ অনুসৰি আৰক্ষী আৰু নিৰাপত্তাবাহিনীৰ এটা যুটীয়া দলে বিজাপুৰ আৰু দান্তেৱাড়া জিলাৰ সীমান্ত অঞ্চলৰ ঘন অৰণ্যত আজি পুৱা নক্সাল বিৰোধী অভিযান চলোৱাৰ সময়ত নিৰাপত্তা বাহিনী আৰু মাওবাদীৰ মাজত গুলীয়া-গুলী সংঘটিত হয়। নিৰাপত্তাবাহিনীয়ে নিহত মাওবাদী কেইজনৰ মৃতদেহ উদ্ধাৰ কৰাৰ উপৰি অঞ্চলটোৰ পৰা বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গুলীবাৰুদ উদ্ধাৰ কৰে। অঞ্চলটোত এতিয়াও তদন্ত অব্যাহত আছে।

March 20, 2025 8:20 PM

views 31

ছত্তিশগড়ত আজি দুটাকৈ পৃথক ঘটনাত ৩০ জন মাওবাদী নিহত

ছত্তিশগড়ত আজি দুটাকৈ পৃথক ঘটনাত ৩০ জন মাওবাদী নিহত হয়। মাওবাদীৰ সৈতে হোৱা সংঘৰ্ষত জিলা সংৰক্ষিত বাহিনী, ডি আৰ জিৰ এজন জোৱানো শ্বহীদ হয়। এই সন্দৰ্ভত লাভ কৰা তথ্য অনুসৰি নক্সাল বিৰোধী অভিযান চলোৱাৰ বাবে নিৰাপত্তা বাহিনীৰ এটা যুটীয়া দল বিজাপুৰ আৰু দান্তেৱাড়া জিলাৰ সীমান্তৱৰ্ত্তী বনাঞ্চলত উপস্থিত হোৱাৰ সময়তে মাওবাদীৰ দলটো তেওঁলোকৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। ঘটনা স্থলীৰ পৰা এতিয়ালৈকে ২৬ জন মাওবাদীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। ইয়াৰ লগতে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্রও জব্দ কৰা হয়। অঞ্চলটোত তালাচী অভিযান...

March 18, 2025 12:57 PM

views 47

ছত্তীশগড়ৰ বিজাপুৰ জিলাত কালি ১৯ জন মাওবাদীৰ আত্মসমৰ্পণ

ছত্তীশগড়ৰ বিজাপুৰ জিলাত কালি ১৯ জন মাওবাদীয়ে আত্মসমৰ্পণ কৰে। জিলা আৰক্ষী অধীক্ষক জীতেন্দ্ৰ কুমাৰ যাদৱে কয়, যে এই মাওবাদীসকলৰ বাবে চৰকাৰে ২৯ লাখ টকাৰ পুৰষ্কাৰ ঘোষণা কৰিছিল। ৰাজ্য চৰকাৰৰ পুনৰ সংস্থাপন নীতিৰ আধাৰত প্ৰতিজন মাওবাদীকে ২৫ হাজাৰ টকাকৈ দিয়া হৈছে বুলি তেওঁ ঘোষণা কৰে।         ৰাজ্যখনৰ কন্দাগাঁও জিলাত কালি আৰক্ষীৰ সন্মুখত আন এজন মাওবাদীয়ে আত্মসমৰ্পণ কৰে। এই মাওবাদীৰ মূল্য এক লাখ টকা ধাৰ্য কৰা হৈছিল। ইয়াৰ উপৰি কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী আৰু জিলা আৰক্ষীৰ যুটীয়া অভিযানত কালি ডাণ্...

November 16, 2024 9:21 PM

views 31

ছত্তিশগড়ত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত দুগৰাকী মহিলাকে ধৰি পাঁচগৰাকী মাওবাদী নিহত

ছত্তিশগড়ত আজি নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত দুগৰাকী মহিলাকে ধৰি পাঁচগৰাকী মাওবাদী নিহত হয়৷ চোৰাংচোৱাৰ সূত্ৰৰ ভিত্তিত বি এছ এফ, এছ টি এফ আৰু জিলা ৰিজাৰ্ভ গাৰ্ডৰ সন্মিলীত এটা দলে নাৰায়ণপুৰ জিলাৰ অবুজমাদ অঞ্চলত মাওবাদী থকাৰ সম্ভেদ লাভ কৰি অভিযান চলায়। অভিযানত ৫ জন মাওবাদী সন্ত্রাসবাদী গুলীয়াই নিহত হয়। নিৰাপত্তাৰক্ষীয়ে অভিযানৰ অন্তত মাওবাদীৰ ৫টা মৃতদেহ সহ বৃহৎ পৰিমাণ অস্ত্ৰ-শস্ত্ৰ তথা গুলী-বাৰুদ জব্দ কৰে। সংঘৰ্ষত দুজন নিৰাপত্তাৰক্ষীৰ লোক আহত হয়।

October 20, 2024 8:26 PM

views 52

চত্তিশগড়ত অনুষ্ঠিত ৰাষ্ট্ৰীয় বন ক্রীড়া প্রতিযোগিতাৰ ফুটবলত অসমৰ সোণৰ পদক অর্জন

চত্তিশগড়ৰ ৰায়পুৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় বন ক্রীড়া প্রতিযোগিতাৰ ফুটবলত অসমে সোণৰ পদক অর্জন কৰিছে। অসমে এই প্ৰতিযোগিতাত যোৱাবাৰৰ বিজয়ী দলক পৰাস্ত কৰি খিতাপ অৰ্জন কৰে। দলটোত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ আৰু অগৰাতলি সংমণ্ডলৰ দুগৰাকী বনকৰ্মী মাৰ্তিনজয় নুনিছা আৰু ইমানুৱেল খাবুঙেও খেলিছিল।