December 4, 2025 11:54 AM | Chattisgarh

printer

ছত্তিশগড়ৰ বিজাপুৰত কালি সুৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত ১২ জন মাওবাদী নিহত

ছত্তিশগড়ৰ বিজাপুৰ জিলাত কালি সুৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত ১২ জন মাওবাদী নিহত হয়। অভিযানৰ সময়ত সুৰক্ষা বাহিনীৰো ৩জন জোৱান নিহত হোৱাৰ লগতে দুজন গুৰুতৰভাৱে আহত হয়। বিজাপুৰৰ আৰক্ষী অধীক্ষক জিতেন্দ্র যাদৱে জনোৱা মতে গোপন সূত্ৰৰ ভিত্তিত বিজাপুৰ-দান্তেৱাড়া সীমান্তত মাওবাদীৰ অৱস্থিতিৰ তথ্য লাভ কৰাৰ পাছতে জিলা সংৰক্ষিত বাহিনী, বিশেষ কার্যবাহিনী, কোৱা ইউনিট আৰু জিলা দুখনৰ পৰা কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ দলে অঞ্চলটোত যুটীয়াভাৱে অভিযান চলায়। ঘটনাস্থলীৰ পৰা এতিয়ালৈকে ১২ জন মাওবাদীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে সুৰক্ষা বাহিনীৰ সূত্ৰসমূহে প্ৰকাশ কৰিছে। অঞ্চলটোৰ পৰা সুৰক্ষা বাহিনীয়ে বন্দুক আৰু অন্যান্য বিস্ফোৰক সামগ্রীও জব্দ কৰিবলৈ সমর্থ হয়। অঞ্চলটোত এতিয়াও অভিযান অব্যাহত আছে আৰু অভিযানৰ বাবে সুৰক্ষা বাহিনীৰ অতিৰিক্ত দল ঘটনাস্থলীলৈ ৰাওনা হৈছে।