ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

March 25, 2025 7:06 PM | Chattisgarh

printer

ছত্তিশগড়ত আজি নিৰাপত্তা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত তিনিজন মাওবাদী নিহত

ছত্তিশগড়ৰ দান্তেৱাড়া জিলাত আজি নিৰাপত্তা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত তিনিজন মাওবাদী নিহত হয়। চৰকাৰী সূত্ৰ অনুসৰি আৰক্ষী আৰু নিৰাপত্তাবাহিনীৰ এটা যুটীয়া দলে বিজাপুৰ আৰু দান্তেৱাড়া জিলাৰ সীমান্ত অঞ্চলৰ ঘন অৰণ্যত আজি পুৱা নক্সাল বিৰোধী অভিযান চলোৱাৰ সময়ত নিৰাপত্তা বাহিনী আৰু মাওবাদীৰ মাজত গুলীয়া-গুলী সংঘটিত হয়। নিৰাপত্তাবাহিনীয়ে নিহত মাওবাদী কেইজনৰ মৃতদেহ উদ্ধাৰ কৰাৰ উপৰি অঞ্চলটোৰ পৰা বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গুলীবাৰুদ উদ্ধাৰ কৰে। অঞ্চলটোত এতিয়াও তদন্ত অব্যাহত আছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।