ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

March 20, 2025 8:20 PM | Chattisgarh

printer

ছত্তিশগড়ত আজি দুটাকৈ পৃথক ঘটনাত ৩০ জন মাওবাদী নিহত

ছত্তিশগড়ত আজি দুটাকৈ পৃথক ঘটনাত ৩০ জন মাওবাদী নিহত হয়। মাওবাদীৰ সৈতে হোৱা সংঘৰ্ষত জিলা সংৰক্ষিত বাহিনী, ডি আৰ জিৰ এজন জোৱানো শ্বহীদ হয়। এই সন্দৰ্ভত লাভ কৰা তথ্য অনুসৰি নক্সাল বিৰোধী অভিযান চলোৱাৰ বাবে নিৰাপত্তা বাহিনীৰ এটা যুটীয়া দল বিজাপুৰ আৰু দান্তেৱাড়া জিলাৰ সীমান্তৱৰ্ত্তী বনাঞ্চলত উপস্থিত হোৱাৰ সময়তে মাওবাদীৰ দলটো তেওঁলোকৰ সৈতে সংঘৰ্ষত লিপ্ত হয়।

ঘটনা স্থলীৰ পৰা এতিয়ালৈকে ২৬ জন মাওবাদীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। ইয়াৰ লগতে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্রও জব্দ কৰা হয়। অঞ্চলটোত তালাচী অভিযান এতিয়াও অব্যাহত আছে বুলি আকাশবাণীৰ ছত্তিশগড়ৰ সংবাদদাতাই জানিবলৈ দিছে। ৰাজ্যখনৰ কানকেৰ জিলাতো নিৰাপত্তা বাহিনীয়ে চলোৱা আন এটা অভিযানত ৪ জন মাওবাদী নিহত হয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।