June 17, 2025 9:51 AM | CHAR DHAM YATRA

printer

চাৰধাম যাত্ৰাৰ বাবে নিয়োজিত হেলিকপ্টাৰসমূহত যাত্ৰীৰ সুৰক্ষা সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ ৰাজ্য চৰকাৰক উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ

চাৰধাম যাত্ৰাৰ বাবে নিয়োগ কৰা হেলিকপ্টাৰসমূহত যাত্ৰীসকলৰ সুৰক্ষা সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে। যোৱা দেওবাৰে কেদাৰনাথৰ ওচৰত হেলিকপ্টাৰ দুৰ্ঘটনাত ৭ গৰাকী লোকে প্ৰাণ হেৰুওৱা ঘটনা সন্দৰ্ভত মত প্ৰকাশ কৰি মুখ্য ন্যায়াধীশ জি নৰেন্দ্ৰৰ আৰু ন্যায়াধীশ আলোক মেহৰাৰ খণ্ড বিচাৰপীঠে এই ধৰ্মীয় যাত্ৰাত বৃদ্ধি পোৱা হেলিকপ্টাৰ দুৰ্ঘটনা সন্দৰ্ভত উদ্বেগ প্রকাশ কৰে। তেওঁলোকে কয়, যে যোৱা ৮ মে’তো উত্তৰ কাশী জিলাত সংঘটিত এটা হেলিকপ্টাৰ দুৰ্ঘটনাত ৭ গৰাকী লোকে প্ৰাণ হেৰুৱাইছিল। বিগত দুমাহত এই পথত সংঘটিত ৫টা হেলিকপ্টাৰ দুৰ্ঘটনাত ১৩ গৰাকী লোকে প্ৰাণ হেৰুওৱা সন্দৰ্ভত ন্যায়ালয়ে চৰকাৰৰ স্থিতি স্পষ্ট কৰিবলৈ আৰু প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।