ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

 প্ৰচণ্ড গৰম আৰু গ্ৰীষ্ম প্ৰবাহৰ পৰিপ্ৰেক্ষিতত অসমৰ কেইবাখনো জিলাৰ বিদ্যালয়ৰ পাঠদানৰ সময়সূচীত সাল-সলনি

♦ অসমৰ বিভিন্ন অঞ্চলত প্ৰচণ্ড গৰম আৰু গ্ৰীষ্ম প্ৰবাহৰ লেখীয়া পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পৰিপ্ৰেক্ষিতত কেইবাখনো জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচীত সাল-সলনি কৰা হৈছে। বঙাইগাঁও, কার্বি আংলং, শোণিতপুৰ, মৰিগাঁও আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে পাঠদানৰ নতুন সময়সূচীৰ নিৰ্দেশনা জাৰি কৰিছে। ইয়াৰ উপৰি শিক্ষানুষ্ঠানসমূহক পর্যাপ্ত শীতল খোৱাপানীৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে। নির্দেশনাটোত বিদ্যালয়সমূহক প্ৰাতঃ সভা মুকলি আকাশৰ সলনি বিদ্যালয়ৰ বাৰান্দা বা শ্ৰেণীকোঠাৰ ভিতৰতে সম্পন্ন কৰিবলৈও উল্লেখ কৰা হৈছে। উৎকট গৰমৰ ফলত স্বাস্থ্যজনিত সমস্যাত ভোগা শিক্ষার্থীক উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈও নিৰ্দেশনা জাৰি কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।