গুৱাহাটীৰ চানমাৰিত চতুৰ্থ সমবায় মেলা উদ্বোধন কেন্দ্ৰীয় সমবায় বিভাগৰ ৰাজ্যমন্ত্ৰী কৃষাণ পাল গুৰ্জ্জৰৰ

কেন্দ্ৰীয় সমবায় বিভাগৰ ৰাজ্যমন্ত্ৰী কৃষাণ পাল গুৰ্জ্জৰে আজি গুৱাহাটীৰ চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত চতুৰ্থ সমবায় মেলা উদ্বোধন কৰে। আত্মনিৰ্ভৰশীল ভাৰত গঢ়াৰ লগতে ২০৪৭ চনৰ ভিতৰত দেশখনক বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত সমবায় সমিতিসমূহৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে বুলি কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰীগৰাকীয়ে সংবাদমাধ্যমৰ আগত মন্তব্য কৰে। আজিৰ অনুষ্ঠানত ৰাজ্য চৰকাৰৰ সমবায় মন্ত্ৰী যোগেন মহন, কেন্দ্ৰীয় চৰকাৰৰ সমবায় বিভাগৰ জ্যেষ্ঠ বিষয়া আশীষ কুমাৰ ভূটানি, ৰাজ্য চৰকাৰৰ সমবায় বিভাগৰ সচিব অনন্ত লাল জ্ঞানীকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া উপস্থিত থাকে। এই মেলাৰ জৰিয়তে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন সমবায় সমিতিসমূহে অর্থনৈতিক ভেটি শক্তিশালী কৰাৰ যাত্ৰা প্ৰতিফলিত হৈছে বুলি মন্ত্রী শ্রীযোগেন মহনে মন্তব্য কৰে। উল্লেখযোগ্য যে ১৫ ডিচেম্বৰলৈ চলিবলগীয়া এই মেলাত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সমবায় সমিতিসমূহে অংশগ্ৰহণ কৰিছে। মেলাত হাতে বোৱা কাপোৰ, বাঁহ-বেতেৰে নিৰ্মিত সামগ্ৰী, পানী মেটেকা, মৰাপাটেৰে নিৰ্মিত সামগ্ৰী, কাঁহৰ সামগ্ৰী, পৰম্পৰাগত অসমীয়া গহণা, থলুৱা খাদ্য সম্ভাৰ, টেৰাকোটা সামগ্ৰীকে ধৰি বিবিধ সামগ্ৰী বিক্ৰী আৰু প্ৰদৰ্শন কৰা হৈছে। সমবায় মেলাৰ লগত সংগতি ৰাখি পৰম্পৰাগত সাজ-পাৰ, লোক নৃত্য, সুসজ্জিত বিপণী, সংগীত, কুইজ, তৰ্ক আৰু চিত্ৰাংকন প্রতিযোগিতা অনুষ্ঠিত হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।