প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ সমাগত অসম ভ্রমণ সাফল্যমণ্ডিত কৰাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটী কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত এখন পর্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত প্রধানমন্ত্রী মোদীয়ে নুমলীগড়ত উদ্বোধন কৰিবলগীয়া আঠ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে দেশৰ প্ৰথমটো জৈৱ শোধনাগাৰ, মঙলদৈৰ পৰা আধাৰশিলা স্থাপন কৰিবলগীয়া গুৱাহাটীৰ ৰিং ৰোড প্রকল্প, দৰং চিকিৎসা মহাবিদ্যালয় আৰু নাৰেংগী-কুৰুৱা দলঙৰ লগতে প্রধানমন্ত্ৰীৰ উপস্থিতিত আয়োজন কৰা ড০ ভূপেন হাজৰিকাৰ জন্ম শতবর্ষ উদযাপনৰ উদ্বোধন সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে বিস্তৃতভাৱে আলোচনা কৰে। ড০ শৰ্মাই অমিত শ্বাহৰ অসম ভ্ৰমণ সন্দৰ্ভতো প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। উল্লেখযোগ্য যে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে অহা ২৯ আগষ্টত গুৱাহাটীত নৱ-নির্মিত ৰাজভৱন মুকলি কৰিব। তেওঁ সেই দিনাই পঞ্চায়ত সন্মিলনত অংশ লোৱাৰ উপৰি প্ৰয়াত মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবার্ষিকী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰিব। মুখ্যমন্ত্ৰী শৰ্মাই এই অনুষ্ঠানসমূহ সফল কৰি তোলাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা ল’বলৈ সংশ্লিষ্ট বিষয়াসকলক নির্দেশ দিয়ে। এই বৈঠকতে ৰাজ্যজুৰি আৰম্ভ হ’বলগীয়া সেৱা সপ্তাহ কাৰ্যসূচী ৰূপায়ণ সন্দৰ্ভতো আলোচনা কৰা হয় ।
Site Admin | August 22, 2025 11:31 AM | chaired a review meeting forthcoming visit of Hon’ble Prime Minister
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ সমাগত অসম ভ্রমণ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক
