অহা বৰ্ষৰ ৩১ মাৰ্চলৈকে প্ৰযোজ্য ঘেঁহুৰ মজুতৰ সীমা সংশোধন কৰাৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে অহা বৰ্ষৰ ৩১ মাৰ্চলৈকে প্ৰযোজ্য ঘেঁহুৰ মজুতৰ সীমা সংশোধন কৰাৰ সিদ্ধান্ত লৈছে। সামগ্রিক খাদ্য সুৰক্ষা পৰিচালনাৰ বাবে আৰু অসাধু ব্যৱসায়ীক ৰোধ কৰিবলৈ কেন্দ্ৰই ব্যৱসায়ী, পাইকাৰী বিক্রেতা, খুচুৰা বিক্রেতা, দেশৰ বিভিন্ন প্ৰান্তত বিপণী থকা বৃহৎ খুচুৰা বিক্রেতা, আৰু সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ খাদ্য প্ৰসংস্কৰণৰ সৈতে জড়িতসকলৰ মাজত ঘেঁহুৰ মজুতৰ সীমা নিৰ্ধাৰণ কৰিছে। ব্যৱসায়ী আৰু পাইকাৰী বিক্ৰেতাৰ বাবে ঘেঁহুৰ মজুতৰ সীমা ২০০০ মেট্রিক টনৰ পৰা ১০০০ মেট্রিক টনলৈ হ্ৰাস কৰাৰ বিপৰীতে খুচুৰা বিক্ৰেতাসকলৰ বাবে প্ৰতি বিপণীৰ বাবদ এই সীমা ১০ মেট্রিক টনৰ পৰা ৫ মেট্রিক টনলৈ হ্ৰাস কৰা হৈছে৷ গ্ৰাহক পৰিক্ৰমা, খাদ্য, আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ে এক বিবৃতিত কৈছে যে দেশত ঘেঁহুৰ যথেষ্ট উপলব্ধতা আছে। চৰকাৰে ঘেঁহুৰ দাম নিৰন্তৰভাৱে নিৰীক্ষণ কৰে আৰু গ্ৰাহকৰ বাবে মূল্যৰ স্থিৰতা নিশ্চিত কৰিবলৈ হস্তক্ষেপ কৰে৷ ঘেঁহু মজুত কৰা সকলো অংশীদাৰে ঘেঁহুৰ মজুত সীমা প’ৰ্টেলত পঞ্জীয়ন কৰিব লাগিব আৰু প্ৰতি শুকুৰবাৰে নিজৰ মজুতৰ অৱস্থা আপডেট কৰিব লাগিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।