ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

March 18, 2025 12:15 PM | Central Govt.

printer

দেশৰ পঞ্চমটো চন্দ্ৰ অভিযানত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন

কেন্দ্ৰীয় চৰকাৰে দেশৰ পঞ্চমটো চন্দ্ৰ অভিযানত অনুমোদন জনাইছে। দেশৰ মহাকাশ বিজ্ঞানৰ ইতিহাসত নতুন অধ্যায়ৰ সূচনা কৰিবলগীয়া এই অভিযানত কেন্দ্ৰই অনুমোদন জনোৱাৰ বিষয়ে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ নতুন অধ্যক্ষ ভি নাৰায়ণনে কালি বেংগালুৰুত আয়োজিত এটা অনুষ্ঠানত প্ৰকাশ কৰিছে। ২০৪০ চনৰ ভিতৰত ভাৰতীয় মহাকাশচাৰীক চন্দ্ৰলৈ প্ৰেৰণৰ লক্ষ্যৰে ৰূপায়ণ কৰিবলগীয়া এই অভিযানত জাপান সহযোগী দেশ হিচাপে থাকিব। পঞ্চম চন্দ্ৰযানত চন্দ্ৰৰ বুকুলৈ ২৫০ কিলোগ্ৰাম ওজনৰ ৰোভাৰ প্ৰেৰণ কৰা হ’ব। উল্লেখযোগ্য যে ২০২৭ চনত চন্দ্ৰপৃষ্ঠৰ পৰা শিল আৰু মাটিৰ নমুনা সংগ্ৰহৰ লক্ষ্যৰে চতুৰ্থ চন্দ্ৰযান প্ৰেৰণ কৰা হ’ব। যোৱা বছৰৰ ছেপ্তেম্বৰত কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনোৱা এই অভিযানৰ বাবে ২ হাজাৰ ১০৪ কোটি টকা ব্যয় কৰা হ’ব। ইছৰোৰ অধ্যক্ষগৰাকীয়ে কয়, যে ২০৩৫ চনৰ ভিতৰত ভাৰতে নিজা মহাকাশস্থান স্থাপন কৰিব। কেন্দ্ৰীয় চৰকাৰে ইছৰোক চন্দ্ৰলৈ ভাৰতীয় মহাকাশচাৰীক প্ৰেৰণ আৰু সুৰক্ষিতভাৱে প্ৰত্যাৱৰ্তন কৰোৱাবলৈ থলুৱাভাৱে ৰকেট নিৰ্মাণৰ নিৰ্দেশনা দিছে বুলি ভি নাৰায়ণনে প্ৰকাশ কৰে।