কেন্দ্ৰীয় চৰকাৰে মোবাইল ফোন নির্মাতাসকলৰ বাবে সঞ্চাৰ সাথী এপটো নিৰ্মাণৰ সময়তে মোবাইল ফোনত থকাটো বাধ্যতামূলক নকৰাৰ সিদ্ধান্ত লৈছে। কেন্দ্রীয় যোগাযোগ মন্ত্রালয়ে কালি নতুন দিল্লীত এই বিষয়ে এটা স্পষ্টীকৰণ প্ৰকাশ কৰি কয় যে নাগৰিকসকলে যেতিয়াই বিচাৰে তেতিয়াই এই এপটো তেওঁলোকৰ ফোনৰ পৰা আন-ইনষ্টল কৰিব পাৰে। মন্ত্রালয়ে লগতে ইয়াকো স্পষ্ট কৰি দিয়ে যে ব্যৱহাৰকাৰীৰ সুৰক্ষাৰ বাহিৰে এই এপটোৰ আন কোনো ব্যৱহাৰ নাই। মন্ত্রালয়ে প্রকাশ কৰা অনুসৰি এতিয়ালৈকে দেশৰ ১ কোটি ৪০ লাখ মোবাইল ফোন ব্যৱহাৰকাৰীয়ে এই এপটো ডাউনল’ড কৰিছে। এই ব্যৱহাৰকাৰীসকলৰ মাজত প্রতি দিনে প্রায় দুহেজাৰ বিত্তীয় প্ৰৱঞ্চনাৰ ঘটনা ধৰা পৰাৰ বাতৰি আহিছে। মন্ত্রালয়ে স্পষ্ট কৰি দিয়ে যে সঞ্চাৰ সাথী এপ্ সম্পূর্ণ সুৰক্ষিত আৰু ই কেৱল চাইবাৰ জগতৰ অশুভ শক্তি আৰু প্ৰৱঞ্চকৰ পৰা সৰ্বসাধাৰণ ৰাইজক সুৰক্ষা দিয়াৰ বাবেহে প্ৰৱৰ্তন কৰা হৈছে।
Site Admin | December 4, 2025 11:59 AM | Central Govt.
সঞ্চাৰ সাথী নিৰ্মাণৰ সময়তে মোবাইল ফোনত থকাটো বাধ্যতামূলক নকৰাৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ