কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক দুৰ্যোগ সাহায্য পুঁজি আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সাহায্য পুঁজিৰ অধীনত বিগত ৫ বছৰত অসমলৈ ৩ হাজাৰ ৫৫৯ কোটি ১৯ লাখ টকা মুকলি কৰি দিছে। কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে কালি তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱৰ এটা প্ৰশ্নৰ উত্তৰত ৰাজ্য সভাত এই তথ্য প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দিয়া তথ্য অনুসৰি কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক দুৰ্যোগ সাহায্য পুঁজিৰ অধীনত ২০২০-২১ বিত্তীয় বৰ্ষত অসমলৈ ৬১৭ কোটি ৬০ লাখ টকা মুকলি কৰি দিছে। একেদৰে ২০২১-২২ বিত্তীয় বৰ্ষত ৬১৭ কোটি ৬০ লাখ টকা, ২০২২-২৩ বিত্তীয় বৰ্ষত ৬৪৮ কোটি ৮০ লাখ টকা, ২০২৩-২৪ বিত্তীয় বৰ্ষত ৬৮০ কোটি ৮০ লাখ টকা আৰু ২০২৪-২৫ বিত্তীয় বৰ্ষত ৬৭১ কোটি টকা মুকলি কৰি দিছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সাহায্য পুঁজিৰ অধীনত ২০২০-২১ বিত্তীয় বৰ্ষত ৪৪ কোটি ৩৭ লাখ টকা, ২০২২-২৩ বিত্তীয় বৰ্ষত ২৫০ কোটি আৰু ২০২৪-২৫ বিত্তীয় বৰ্ষত ২৯ কোটি ২ লাখ টকা মুকলি কৰি দিয়া হৈছে বুলি মন্ত্ৰীগৰাকীয়ে সদনত প্ৰকাশ কৰিছে ।
Site Admin | August 26, 2025 12:20 PM | Central Govt.
ৰাষ্ট্ৰীয় দুৰ্যোগ সাহায্য পুঁজিৰ অধীনত বিগত ৫ বছৰত অসমলৈ ৩,৫৫৯ কোটি ১৯ লাখ টকা মুকলি
