ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

June 16, 2025 1:35 PM | Central Govt.

printer

শিলিগুড়িৰ পৰা গুৱাহাটীলৈ চাৰিটা লেনযুক্ত তীব্র গতিসম্পন্ন কৰিডৰ নিৰ্মাণৰ অভিলাসী প্রকল্প কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ যাতায়াত ব্যৱস্থা শক্তিশালী কৰি তোলাৰ লক্ষ্যৰে পশ্চিমবংগৰ শিলিগুড়িৰ পৰা গুৱাহাটীলৈ এটা চাৰিটা লেনযুক্ত তীব্র গতিসম্পন্ন কৰিডৰ নিৰ্মাণৰ অভিলাসী প্রকল্প লৈছে। উত্তৰ- পূৰ্বাঞ্চলৰ সৈতে পশ্চিমবংগৰ বিশেষকৈ চিকেন নেকেবে যোগাযোগ স্থাপনত সুবিধা হোৱাকৈ এই প্ৰকল্প ৰূপায়ণ কৰা হ’ব। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰ্যালয়ে ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডত এই প্ৰকল্পৰ বাবে বিস্তৃত প্রকল্প প্রতিবেদন প্রস্তুত কৰিবলৈ নিৰ্দেশ দিছে। এই পৰিকল্পনাৰ ভিত্তিত মন্ত্ৰালয়ে প্ৰকল্পৰ বাবে নিবিদা আহ্বানৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ৪০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই প্ৰকল্পই শিলিগুড়িৰ পৰা গুৱাহাটী আৰু যোৰাবাটক সামৰি ল’ব। এই কডিৰৰ জৰিয়তে পাছলৈ অৰুণাচল প্ৰদেশৰ পাছিঘাটকো সামৰি লোৱাৰ পৰিকল্পনা কৰা হৈছে। এবছৰৰ ভিতৰত প্ৰকল্প প্রতিবেদন প্রস্তুত হ’লে এই কাম আৰম্ভ হোৱাৰ সম্ভাৱনা আছে।